নিউজ ডেস্ক,১৪ আগষ্টঃ কিয়নো অষ্ট্ৰেলিয়ান কম্পিটিচন এণ্ড কনজিউমাৰ কমিছনে অভিযোগ কৰিছে যে গুগলে ব্যৱহাৰকাৰীক বিপথে পৰিচালিত কৰে আৰু তেওঁলোকৰ ব্যক্তিগত অৱস্থানৰ তথ্য সংগ্ৰহ কৰে। এচিচিচিৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ দেশৰ ফেডাৰেল আদালতে এক আদেশত এই জৰিমনা আৰোপ কৰিছে। এণ্ড্ৰইড ফোনত কেৱল ‘Location History’ ছেটিংছৰ জৰিয়তেহে ব্যক্তিগত অৱস্থানৰ তথ্য সংগ্ৰহ কৰা সম্ভৱ, আৰু সেয়া সম্পূৰ্ণ অনৈতিক । ফোনটোৰ অৱস্থান ইতিহাস বৈশিষ্ট্য বন্ধ থাকিলেও গুগলে ব্যৱহাৰকাৰীৰ অৱস্থানৰ তথ্য অনুসৰণ কৰে। ব্যৱহাৰকাৰীৰ ইণ্টাৰনেট আৰু বিভিন্ন এণ্ড্ৰইড এপৰ জৰিয়তেও ডিভাইচটোৰ পৰা ব্যৱহাৰকাৰীৰ স্থানৰ তথ্য সংগ্ৰহ কৰা হয়।
বিভিন্ন এণ্ড্ৰইড এপসমূহে সক্ৰিয়ভাৱে ব্যৱহাৰকাৰীৰ অৱস্থানৰ তথ্য সংগ্ৰহ আৰু সংৰক্ষণ কৰে। ফলত ব্যৱহাৰকাৰীৰ অজ্ঞাতে বিভিন্ন এপৰ জৰিয়তে তেওঁলোকৰ ‘লকেচন হিষ্ট্ৰী’ সংৰক্ষণ কৰা হয়। গুগলৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰ জৰিয়তে এই বিভ্ৰান্তিৰ সৃষ্টি হোৱা বুলি অভিযোগ উঠিছে।
জানিব পৰা মতে অভিযোগ আৰু জৰিমনা সন্দৰ্ভত গুগলে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই ।
Comments are closed, but trackbacks and pingbacks are open.