নিউজ ডেস্ক,১৪ আগষ্টঃ ব্ৰিটিছ লেখক জে কে ৰাউলিং হৈছে হেৰী পটাৰ ছিৰিজৰ সৃষ্টিকৰ্তা যি সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। ৰুছদীৰ দুৰ্ভাগ্যজনক ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰাউলিঙে টুইট কৰি কয় যে তেওঁ অসুস্থ অনুভৱ কৰিছে আৰু ছলমানৰ আশু আৰোগ্য কামনা কৰিছে। তাত তেওঁৰ পোষ্টৰ তলত এজনে লিখিছে, ‘চিন্তা নকৰিবা, পৰৱৰ্তী তুমি’।
ভাবুকি দিয়া ব্যক্তিজনে ৰুছদীক আক্ৰমণ কৰাৰ বাবে হাদি মাতাৰক প্ৰশংসা কৰিছে। এক সাহিত্যিক অনুষ্ঠানত হাদী মাতাৰেও ৰুছদীক কেইবাবাৰো ছুৰীৰে আঘাত কৰে। এই আক্ৰমণত লেখক গুৰুতৰভাৱে আহত হয় আৰু এতিয়া ভেন্টিলেচনত আছে। তেওঁৰ এটা চকু বেয়া হোৱাৰ আশংকা আছে।
যাক হাদি মাতাৰ এজন ছিয়া উগ্ৰপন্থী আৰু ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সমৰ্থক হিচাপে পৰিচিত। প্ৰসংগক্ৰমে ইৰাণত ১৯৮৮ চনৰ পৰা ৰুছদিৰ গ্ৰন্থ ‘‘চাটাৰ্নিক ভাৰ্চেচ’ গ্ৰন্থখন নিষিদ্ধ হৈ আছে, কিয়নো এই গ্ৰন্থখনক বহু মুছলমানক অধৰ্মী বুলি গণ্য কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.