নিউজ ডেস্ক,১৪ আগষ্টঃ আফগানিস্তানৰ মহিলাসকলে তালিবানৰ বিৰুদ্ধে সমদল উলিয়াই নিজৰ মৌলিক অধিকাৰ দাবী কৰে। সেই ‘অপৰাধ’ৰ বাবে তেওঁলোকক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা হৈছিল। প্ৰাণ ৰক্ষাৰ বাবে লুকাই থাকিলেও তেওঁ সাৰি যাব নোৱাৰিলে। তালিবানে মহিলা কেইগৰাকীক বিচাৰি মাৰপিট কৰে। ঘটনাটো ভিডিঅ’ কৰিবলৈ গৈ উপস্থিত সাংবাদিকসকলকো প্ৰহাৰ কৰা হয়। খবৰ অনুসৰি কমেও ৪০ গৰাকী মহিলাই প্লেকাৰ্ড লৈ সমদল উলিয়ায়। কাবুলত আফগানিস্তানৰ শিক্ষা বিভাগৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদৰ মূল দাবী আছিল, “ৰুটি, কৰ্ম আৰু স্বাধীনতা”। অৰ্থাৎ আমি খাদ্য সুৰক্ষা, কৰ্ম আৰু স্বাধীনতা বিচাৰো। ১৫ আগষ্ট ক’লা দিৱস হিচাপে পালন কৰিবলৈও দাবী জনাইছে মহিলা সকলে।
জোলিয়া পাৰ্চী নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘আমি বিচাৰ বিচাৰো। আমাক সদায় আওকাণ কৰা হয়। এইটো আৰু গ্ৰহণযোগ্য নহয়।” প্ৰতিবাদ দেখি তালিবানে লগে লগে ঘটনাস্থলীত আহি গুলীচালনা কৰে। তাৰ পিছতেই আৰম্ভ হ’ল নিৰ্বিচাৰ প্ৰহাৰ। জোলিয়াই কয় যে মহিলাৰ মোবাইল ফোন লৈ যোৱা হৈছে। পলাবলৈ চেষ্টা কৰা সকলক খেদি মাৰপিট কৰা হৈছে। প্ৰসংগক্ৰমে কেইবামাহো পিছত শনিবাৰে আফগানৰ মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ঘটনাটো ভিডিঅ’ কৰা বাবে সাংবাদিককো মাৰপিট কৰা হয়। প্ৰসংগক্ৰমে আফগানিস্তানত বিশ বছৰ ধৰি নাৰীয়ে (আফগান মহিলা) কেইবাটাও বিষয়ত স্বাধীনতা লাভ কৰিছিল। শিক্ষা, কৰ্মসংস্থাপনকে ধৰি বিভিন্ন ক্ষেত্ৰত মহিলাসকলক অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিল। কিন্তু যোৱা বছৰ তালিবান পুনৰ ক্ষমতালৈ অহাৰ লগে লগে ছবিখন সলনি হ’ল পুনৰ ৷ কিন্তু ক্ষমতা দখল কৰাৰ পাছত তালিবানে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব বুলি কয়৷ কিন্তু সেয়া এতিয়াও কাৰ্যকৰী হোৱা নাই। তালিবানে বাৰে বাৰে ছোৱালীৰ বিদ্যালয় খোলাৰ কথা ঘোষণা কৰি আহিছে যদিও পিছুৱাই গৈছে। সামগ্ৰিকভাৱে আফগানিস্তানত মহিলাৰ অৱস্থা দুখজনক।
Comments are closed, but trackbacks and pingbacks are open.