নিউজ ডেস্ক,১৪ আগষ্টঃ দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।
আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিশেষ মন্তব্য কৰিছে জুবিন গাৰ্গে। জুবিনে কয় যে- অমৃত মহোৎসৱ মানে কি? তাত অমৃত খুৱাব নেকি? মোৰ ইমান আইডিয়া নাই। মই এইবোৰ খবৰ নাৰাখো। ব্ৰেইনৰ চেলটো অলাগতিয়াল জেগাত খৰচ নকৰো।
‘যদি ভাল বস্তু হয়, হ’লে ভাল, একো নাই। যদি তাৰ পৰা আমাৰ ক্ষতি হয়, তেন্তে নহলে ভাল’- এইবুলি মন্তব্য় কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।