Daily Time Axom

বিজনীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই

12

নিউজ ডেস্ক, ১৫ আগষ্ট: আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই পতাকা উত্তোলন কৰে।ইয়াৰ পিছতেই বিজনী বাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বিজনীৰ আৰক্ষী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই।ইফালে স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ অহা কেইবাগৰাকী ছাত্র-ছাত্ৰী প্ৰখৰ ৰদ সহিব নোৱাৰি ঢলি পৰা পৰিলক্ষিত হয়।

Comments are closed, but trackbacks and pingbacks are open.