Daily Time Axom

জম্মু-কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নদীত বাগৰিল সেনা জোৱান কঢ়িয়াই নিয়া বাহন

20

নিউজ ডেস্ক, ১৬ আগষ্টঃ জম্মু- কাশ্মীৰত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। নদীত বাগৰি পৰিল এখন সেনা-জোৱানৰ বাছ।

এই দুৰ্ঘটনাত ছয়জন সীমান্ত আৰক্ষী বিষয়া নিহত হয়।লগতে বাছখনত থকা প্ৰায় ৩০ জন যাত্ৰী আহত হয়।

এই দুৰ্ঘটনা সংঘটিত হৈছে অনন্তনাগ জিলাৰ চন্দনৱাৰীত । ব্ৰেক বিকল হোৱাৰ বাবেই এই দূৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত জোৱানকেইজনক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ সেনা চিকিৎসালয়লৈ এয়াৰ লিফ্টেৰে লৈ যোৱা হয়।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানলৈ প্ৰায় ১৯ খন এম্বুলেন্স প্ৰেৰণ কৰা হয় আৰু স্থানীয় কৰ্তৃপক্ষ তৎপৰতাত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অনন্তনাগৰ উপায়ুক্ত পীয়ুষ সিংলাৰ কয় যে, চৰকাৰী চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয় আৰু উপ-বিভাগীয় চিকিৎসালয়ৰ চিকিৎসা দলসমূহক আহত জোৱানসকলৰ শুশ্ৰসাৰ বাবে ৰখা হৈছে।

খবৰ অনুসৰি, সেনা- জোৱানসকলে অমৰনাথ যাত্ৰাৰ পৰা উভতি আহি আছিল।

Comments are closed, but trackbacks and pingbacks are open.