Daily Time Axom

‘হৰ ঘৰ ত্ৰিৰংগা’ৰ নামত দেশজুৰি ৫০০ কোটি টকাৰ ব্যৱসায়

26

নিউজ ডেস্ক, ১৬ আগষ্টঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতেই বিক্ৰী কৰা হৈছে প্ৰায় ৩০ কোটি টকাৰ পতাকা। সৰ্বভাৰতীয় ব্যৱসায়ীসকলৰ সংগঠনে সদৰী কৰিছে এই তথ্য।

১৩ৰ পৰা ১৫ আগষ্টলৈকে পতাকা উত্তোলনৰ বাবে দেশজুৰি আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই আহ্বান আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

২০ দিনত ৩০ কোটি পতাকা প্ৰস্তুত কৰি উলিওৱা হৈছিল দেশত। CAITই দেশজুৰি অনুষ্ঠিত কৰিছিল প্ৰায় ৩ হাজাৰ ইভেণ্ট। কটন, ঊণ, চিল্ক, খাদীৰ উপৰিও হাতে বোৱা আৰু মেচিনত প্ৰস্তুত কৰা হৈছিল পতাকা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পতাকাৰ বাৰ্ষিক বিক্ৰী আছিল ১৫০ পৰা ২০০ কোটি টকা।

Comments are closed, but trackbacks and pingbacks are open.