Daily Time Axom

উত্তৰ গুৱাহাটীত ভাড়াঘৰৰ কোঠালিত যুৱতীৰ মৃতদেহ উদ্ধাৰ

17

নিউজ ডেস্ক, ১৬ আগষ্টঃ উত্তৰ গুৱাহাটীৰ ভেটামুখত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ।

বিছনাৰ খুৰাৰে হেঁচি যুৱতীগৰাকীক হত্যাৰ সন্দেহ কৰা হৈছে। মৃত যুৱতীগৰাকী নগাঁৱৰ হাচিনা বেগম জানিব পৰা গৈছে।

এটা মিঠাই কোম্পানীত কৰ্মৰত আছিল হাচিনা বেগম। যুৱতীগৰাকীক হত্যা কৰি খিৰিকীৰে পলায়ন কৰে হত্যাকাৰীয়ে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, দণ্ডাধীশ আৰু CIDৰ দল।

স্নিফাৰ ডগৰ সহায়ত CIDৰ দলৰ তদন্ত আৰম্ভ কৰিছে। আনিচা ফাৰকী নামৰ মহিলাগৰাকীৰ ভাড়াঘৰত এই হত্যাকাণ্ড সংঘটিত হয়।

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে ভাড়াঘৰৰ মালিকৰ গাফিলতি। বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে এই সমগ্ৰ হত্যাকাণ্ডটো।

Comments are closed, but trackbacks and pingbacks are open.