বিজেপিৰ সংসদীয় ব’ৰ্ডত প্ৰথমজন অসমীয়াৰূপে অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,১৭ আগষ্টঃ বুধবাৰে বিজেপিয়ে নতুন সংসদীয় পৰিষদ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতি ঘোষণা কৰে। জে পি নাড্ডা বিজেপিৰ এই সংসদীয় পৰিষদ আৰু নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হ’ব। সংসদীয় পৰিষদ হৈছে বিজেপিৰ আটাইতকৈ শক্তিশালী সংস্থা। দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই পৰিষদৰ জৰিয়তে লোৱা হয়।

কিন্তু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সংসদীয় পৰিষদৰ পৰা বাদ দিয়া হৈছে।

বিজেপিৰ সংসদীয় পৰিষদৰ সদস্যসকল হল – জগত প্ৰকাশ নাড্ডা (অধ্যক্ষ), ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, বি এল সন্তুোষ (সচিব)।

আনহাতে, বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যসকল হল – জগত প্ৰকাশ নাড্ডা (অধ্যক্ষ), নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, ভূপেন্দ্ৰ যাদৱ, দেৱেন্দ্ৰ ফাডনাভিছ, ওম মাথুৰ, বি এল সন্তুোষ (সচিব), ভানাথি শ্ৰীনিবাস।

AssamDaily time axomIndiaNew DelhipoliticsSarbananda Sonowal