নিউজ ডেস্ক, ১৭ আগষ্টঃ এজন শিক্ষকৰ অপহৰণৰ কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত।
বিলাসীপাৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইনে নিজৰ বিদ্যালয়ৰে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগ উঠিছে।
ঘটনা সন্দৰ্ভত নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালে ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ ভিত্তিত মঙলবাৰে নিশা বিলাসীপাৰা আৰক্ষীৰ সহযোগত বন্দিহানা আৰক্ষীয়ে নাবালিকা ছাত্ৰী গৰাকীক বন্দী কৰি ৰখা অৱস্থাত কৃষ্ণনগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমান লম্পট শিক্ষক জন পলাতক অৱস্থাত আছে।
উল্লেখ্য যে, শালমাৰা এম ভি স্কুলত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পিছতে ১৩ বছৰীয়া ছাত্ৰীগৰাকীক বিদ্যালয় খনৰ সহকাৰী শিক্ষক জাকিৰ হুছেইনে ফুচুলাই নি বিলাসীপাৰাৰ আনন্দ নগৰত থকা তেওঁৰ আত্মীয় ময়জুদ্দিনৰ ঘৰত বন্দী কৰি ৰাখে।