অনুসুচিত জাতি উন্নয়ণ বৰ্ডৰ ফালৰপৰা জামুগুৰিহাটত হিতাধিকাৰীসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷মংগলবাৰে বিয়লি অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানটিত বৰাচুক মাজগাঁও,১নং মাজগাঁও আৰু ঢেকীয়াল মাজগাঁৱৰ চাৰিশ হিতাধিকাৰীক এই সামগ্ৰীসমুহ বিতৰণ কৰে বিধায়কগৰাকীয়ে৷সামগ্ৰীসমুহৰ ভিতৰত কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰীৰ একো একোটা বাকছ,চিলাই মেচিন,পানী ফিল্টাৰ ৬০ টা,পাৱাৰ স্প্ৰে মেচিন ৫০ টা আৰু শিপিনিসকলৰ বাবে সুঁতা বিতৰণ কৰা হয়৷কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰীৰ বাকছটোত একোখনকৈ তিৰপাল,টৰ্চ লাইট,চাতি,এযোৰ জোতা,এটা ৰেইন কোট,এটা স্প্ৰে মেচিন আৰু এটা বেগ সংলগ্ন হৈ আছে৷বিতৰণ অনুষ্ঠানটোত অনুসুচিত জাতি উন্নয়ণ বৰ্ডৰ শোণিতপুৰ জিলাৰ চেয়াৰমেন পবিত্ৰ দাস উপস্থিত থাকি অনাগত দিনসমুহত পুণৰ আন আন সুবিধা প্ৰদান কৰি অনুসুচিত জাতিৰ লোক সকলক সহায় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও প্ৰকাশ কৰে৷অনুষ্ঠানটোত জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত,উপ পৌৰপতি অঞ্জন কলিতা,১নং মাজগাঁওৰ ৱাৰ্ড কমিচনাৰ মৃদু মানস দাস,ঢেকীয়াল মাজগাঁওৰ ৱাৰ্ড কমিচনাৰ বিনীতা দাস,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি মদন কৈৰালাকে ধৰি বহু কেইগৰাকী গণ্য মান্য লোক উপস্থিত আছিল৷