ভাদ মাহটো প্ৰতিজন অসমীয়াৰ বাবে অতি আদৰৰ মাহ । অসমীয়া সমাজত ভাদ মাহটো অতি পৱিত্ৰ আৰু ভক্তিৰ মাহ হিচাপে চিহ্নিত । অতীজৰেপৰা অসমীয়া মানুহে এই ভাদ মাহক ভক্তিৰ মাহ হিচাপে পালন কৰি মাহজোৰা নাম – প্ৰসংগ কৰি আহিছে । বৰ্তমানেও এই পৰম্পৰা ৰক্ষা কৰি নামঘৰ সত্ৰ সকলোতে অসমীয়া ৰাইজে ভাদ মাহত নাম প্ৰসংগ কৰে । এই মাহটো পৱিত্ৰ বুলি গণ্য কৰাৰ কাৰণ কেইবাটাও । ভাদ মাহতে পৰিছে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি । এই মাহটোৰ আন এটা বিশেষত্ব হ’ল দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথিও এই ভাদ মাহতে । গতিকে এই সময়তে অসমীয়া সংস্কৃতিৰ বাহক সত্ৰ আৰু নামঘৰসমূহত মাহজোৰা নাম – প্ৰসংগৰ পৰম্পৰা চলি আহিছে । মহাপুৰুষ শংকৰদেৱে অসমৰ জাতি – জনগোষ্ঠীক একত্ৰিত কৰি প্ৰতিষ্ঠা কৰা সত্ৰসমূহত ভাদ মাহটো একপ্ৰকাৰ উৎসৱমূখৰ হৈ পৰে । অসমৰ গাঁও, নগৰ , চহৰ সকলো হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে । ভক্তিৰসত বুৰ গৈ এই ভাদ মাহত শৈৱ, শাক্ত, বৈষ্ণৱ সকলো যেন এক হৈ পৰে । হৰিনামৰ অমিয়া ৰসত সকলো আপোন পাহৰা হৈ পৰে । ‘হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে’ – হৰিনামৰ অমিয়া সুৰত সত্ৰসমূহ যেন বৈকুণ্ঠপুৰীলৈ পৰ্যবেশিত হৈ পৰে । আকাশে বতাহে সকলোতে হৰিনামৰ ধ্বনি । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ১ ভাদৰ পৰা ২ আহিনলৈকে লিডু কেন্দ্ৰীয় নামঘৰত ভাদমহীয়া নাম প্ৰসংগৰ আয়োজন কৰা হৈছে ।
পুৱা বন্তি প্ৰজ্বলনেৰে লোকনাথ কোৱঁৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে ।সহযোগ কৰে উপ সভাপতি ধীৰাজ সোনোৱালে । আতঁ ধৰে সম্পাদক ৰাণাজ্যোতি নেওগ সহঃ সম্পাদক দিপক চেতিয়াই । তাৰপাছতে আইসকলৰ নামকীৰ্তন আৰম্ভ হয় । ১৯ চেপ্তেম্বৰ তাৰিখে আইসকলৰ নামকীৰ্তন আৰু দিহা নামেৰে অনুষ্ঠানৰ সামৰণি পৰিব ।