Daily Time Axom

দহটা সন্তান জন্ম দিলে ৰাছিয়া চৰকাৰে দিব ১০ লাখ ৰুবল, কিয়…

0 15

ৰাছিয়াৰ মহিলাসকলে এইবাৰ কমেও দহটা সন্তান জন্ম দিব লাগিব। সেই কামৰ বাবে ‘পুৰস্কাৰ’ হিচাপে সেই মহিলাসকলক কিছু টকা দিয়া হ’ব৷ জনা যায় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন নিজেই গোটেই কামটো পৰিকল্পনা কৰিছে! ক’ভিড মহামাৰীৰ পিছত ৰাছিয়া ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত হৈছে। মূলতঃ এই দুটা কাৰণতে দেশৰ জনসংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে। পুটিনৰ নতুন পৰিকল্পনা হৈছে দেশত জনবহুল কৰা। অৱশ্যে এই প্ৰকল্পটোক লৈ বিশেষজ্ঞসকল যথেষ্ট চিন্তিত।

ৰাছিয়াই ঠিক কি পৰিকল্পনা কৰিছে? নিৰাপত্তা বিশেষজ্ঞ জেনী মেথাৰ্ছে কয় যে প্ৰতিগৰাকী ৰাছিয়াৰ মহিলাই দহটা সন্তান জন্ম দিব লাগে। তেওঁৰ দশম সন্তানৰ বয়স এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে চৰকাৰে এককালীন ধন দিব। কিন্তু আৰ্থিক সাহায্য লাভৰ বাবে এটা মূল চৰ্ত হ’ল প্ৰতিটো শিশু সুস্থ আৰু জীয়াই থাকিব লাগিব। সকলো বিষয় বিবেচনা কৰাৰ পিছত ৰাছিয়া চৰকাৰে দিব ১০ লাখ ৰুবল। ভাৰতীয় মুদ্ৰাত যিটোৰ পৰিমাণ প্ৰায় তেৰ লাখ টকা। প্ৰকল্পটোৰ নাম দিয়া হৈছে মাতৃ নায়িকা।


জানিব পৰা মতে ৰাছিয়াত Covid ৰোগীৰ সংখ্যা লাফ মাৰি বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত (ৰাছিয়া-ইউক্ৰেইন যুদ্ধ) কমেও পঞ্চাশ হাজাৰ ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে। পুটিনৰ মতে বৃহৎ পৰিয়াল থকা লোকসকল প্ৰকৃত দেশপ্ৰেমিক। জেনীয়ে লগতে কয় যে ১৯৯০ চনৰ পৰা ৰাছিয়াৰ জনসংখ্যা বৃদ্ধি একে হোৱা নাই। গতিকে ৰাছিয়া চৰকাৰে দেশখনৰ জনসংখ্যা বৃদ্ধিৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে।

ৰাছিয়াৰ বিশেষজ্ঞসকলে এই প্ৰকল্প সফল হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে। তেওঁ কয়, “এই প্ৰকল্পৰ ফলত ৰাছিয়াৰ মহিলাসকলক উৎসাহিত কৰা হ’ব। অধিক সন্তান জন্ম দি দেশলৈ অৰিহণা যোগাব।” কিন্তু প্ৰশ্ন উত্থাপন হয়, মাত্ৰ তেৰ লাখ টকাৰে দহটা সন্তানক ডাঙৰ-দীঘল কৰাটো সম্ভৱনে? ইতিমধ্যে এই যুদ্ধই ৰাছিয়াৰ অৰ্থনীতিত যথেষ্ট ক্ষতিসাধন কৰিছে। তেন্তে ইমানবোৰ শিশুক পোহপাল দিয়াটো কেনেকৈ সম্ভৱ? তদুপৰি এগৰাকী নাৰীয়ে ইমানবোৰ সন্তান জন্ম দিয়াটো শাৰীৰিকভাৱে সম্ভৱনে?

Leave A Reply

Your email address will not be published.