Daily Time Axom

মোদীৰ প্ৰতিদ্বন্দ্বী হোৱাৰ বাবে গাডকাৰীক শাস্তি : কংগ্ৰেছ

0 20



বিজেপিৰ সংসদীয় ব’ৰ্ডৰ পৰা বৰ্খাস্ত হোৱাৰ পিছতে কংগ্ৰেছৰ “ডাৰ্লিং” হৈ পৰিছে নীতিন গাডকাৰী। নিজৰ দলৰ শীৰ্ষ কমিটিৰ পৰা বাদ দিয়াৰ পিছৰে পৰা সম্পূৰ্ণ নিমাত হৈ আছে গাডকাৰী। কিন্তু তেওঁৰ বাবে হুলস্থুল কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছে। অৱশ্যেই মোদীক আক্ৰমণ কৰাৰ স্বাৰ্থত। কংগ্ৰেছে কয় যে মোদীৰ প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে গাডকাৰীক ‘শাস্তি’ দিছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে শেহতীয়াকৈ দলৰ সংসদীয় ব’ৰ্ডত পুনৰ সালসলনি কৰিছে। প্ৰথা ভংগ কৰি তেওঁক সংসদীয় ব’ৰ্ডৰ পৰা অপসাৰণ কৰা হৈছে। সংঘৰ ঘনিষ্ঠ এইজন নেতা বৰ্তমান নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ অন্যতম জ্যেষ্ঠ সদস্য। এসময়ত তেওঁ দলৰ সভাপতিও আছিল। সাধাৰণতে বিজেপিৰ সভাপতিসকলক দলৰ সংসদীয় ব’ৰ্ডত যেতিয়ালৈকে সক্ৰিয় ৰাজনীতিত থাকে তেতিয়ালৈকে ৰখা হয়। কিন্তু গাডকাৰীক অপসাৰণ কৰা হৈছে। যিটোক লৈ ৰাজনৈতিক মহলত হুলস্থুলৰ সৃষ্টি হৈছিল।
বৃহস্পতিবাৰে দলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত টুইট কৰি এই প্ৰশ্ন উত্থাপন কৰিছিল, বিজেপিয়ে কিয় গাডকাৰীক সংসদীয় ব’ৰ্ডৰ পৰা আঁতৰাই পেলালে? তেওঁলোকে নিজেই উত্তৰো দিছে। কংগ্ৰেছে কয়, “যিসকল প্ৰধানমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বী হ’ব, তেওঁলোকক আঁতৰাই পেলোৱা হ’ব। নীতিন গাডকাৰীৰ লগতো একেই কথা হ’ল।” আচলতে গাডকাৰী মোদী-শ্বাহ (অমিত শ্বাহ) প্ৰজন্মৰ নেতা নহয়। বিজেপিৰ এজন পুৰণি বাজপেয়ী সমৰ্থক নেতা। হয়তো সেইবাবেই গডকাৰীক আঁতৰাই পেলোৱা হৈছে। এই কথা ৰাজহুৱা কৰি কংগ্ৰেছে বিজেপিৰ মাজত নতুন পুৰণি সংঘাতৰ উচটনি দিব বিচাৰিছে বুলি একাংশই কৈছে।


বিজেপিৰ সংসদীয় ব’ৰ্ডত আন এজন ব্যক্তি নথকাৰ বাবেও এক প্ৰশ্ন উত্থাপন হৈছে। তেওঁ হৈছে যোগী আদিত্যনাথ। উত্তৰ প্ৰদেশৰ পৰা দুবাৰকৈ বিজেপিলৈ বৃহৎ সংখ্যক লোকসভা আসন অনাৰ পিছত তেওঁ ব্ৰত হৈ পৰিছে। ৰাজনৈতিক মহলে ভাবে যে যোগী সংসদীয় ব’ৰ্ডত নথকাৰ কাৰণ হ’ল সেই বিৰোধী কণ্ঠ বাঢ়িবলৈ নিদিয়াৰ প্ৰৱণতা।

Leave A Reply

Your email address will not be published.