Daily Time Axom

সন্ত্ৰাসবাদী মহম্মদ ইয়াছিনক গ্ৰেপ্তাৰ

0 8

শুকুৰবাৰে দিল্লীৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে দিল্লী আৰক্ষীয়ে মহম্মদ ইয়াছিনক গ্ৰেপ্তাৰ কৰে। পুৰণি দিল্লীৰ দিল্লী-৬ৰ পৰা গ্ৰেপ্তাৰ হোৱা ইয়াছিনে হাৱালা সন্ত্ৰাসৰ এজেণ্ট হিচাপে কাম কৰি লস্কৰ-ই-তৈবা, আল বদৰৰ দৰে সন্ত্ৰাসবাদী সংগঠনক ধন আগবঢ়াইছিল।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা সংস্থাৰ সহায়ত সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাৰ সময়ত অভিযুক্তই জনোৱা মতে, দক্ষিণ আফ্ৰিকাৰ পৰা চুৰাট আৰু মুম্বাই হৈ ভাৰতলৈ হাৱালা ধন প্ৰেৰণ কৰা হৈছে। হাৱালা নেটৱৰ্কত দিল্লীৰ কামবোৰ তেওঁ চোৱা-চিতা কৰিছিল আৰু এই ধন দিল্লীৰ পৰা বিভিন্ন কুৰিয়াৰৰ জৰিয়তে জম্মু-কাশ্মীৰলৈ পঠোৱা হৈছিল।

প্ৰাৰম্ভিক জেৰাৰ সময়ত অভিযুক্তই জনোৱা মতে, তেওঁ যোৱা ১৭ আগষ্টত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আব্দুল হামীদ মিৰক প্ৰায় ১০ লাখ টকা দিছিল, যাতে তেওঁ ৰাজ্যখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব পাৰে।

এই সন্দৰ্ভত জম্মু বাছ ষ্টেচন আৰক্ষীয়ে যোৱা ১৮ আগষ্টত এফআইআৰ ৰুজু কৰি থকাৰ সময়তে পুঞ্চৰ বাসিন্দা আব্দুল হামিদ মিৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা প্ৰায় ১০ লাখ টকা উদ্ধাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.