২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দু চোৰাংচোৱা গ্ৰেপ্তাৰ

বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুৱে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইনছ (সঞ্জয় কলনী)ত বসবাস কৰি আহিছে অভিযুক্ত জন। উল্লেখ্য যে, ১৭ আগষ্টৰ পুৱা প্ৰায় ৫ বজাত ভাগ চান্দ নামৰ অভিযুক্ত জনক আৰক্ষীয়ে আটক কৰে। পিজ্জা ডেলিভাৰী বয়ৰ অভিনয় কৰি সাধাৰণ কাপোৰ পিন্ধি আহি উপস্থিত হয় আৰক্ষী। ভাগ চান্দে লেবাৰ ছুপাৰভাইজাৰ হিচাপে কাম কৰে। ১৯৯৮ চনত পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। ভাগ চান্দৰ পত্নী আৰু মাতৃয়ে বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ কোনো জাতীয় বিৰোধী কাৰ্যকলাপত জড়িত হ’ব পাৰে।

তিনি সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃসহ ৮ জনীয়া ভাতীৰ পৰিয়ালটো সঞ্জয় কলনীৰ দুটা কোঠাত থাকে। খবৰ অনুসৰি ভাগচান্দে শ্ৰমিক হিচাপে দিনটোত ৬০০ টকা উপাৰ্জন কৰিছিল। আজি প্ৰায় ২৪ বছৰ পূৰ্বে ১৯৯৮ চনত পাকিস্তানৰ খাইৰপুৰৰ পৰা পৰিয়ালসহ দিল্লীলৈ আহিছিল ভগচান্দ। তেওঁৰ পৰিয়ালত আছে শিশুসহ ৮জন লোক।

ভাগ চান্দেও পাকিস্তানৰ পৰা অহাৰ পাছত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। ভাগচন্দৰ পূৰ্বে একেটা গোচৰতে ২৭ বছৰীয়া নাৰায়ণ লালককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। নাৰায়ণ লালে ভাগচন্দৰ বিষয়ে প্ৰকাশ কৰিছিল। প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু ৰাজস্থান আৰক্ষীৰ যৌথ জেৰাত ভিলৱাৰাৰ নাৰায়ণ লালে কৈছিল যে এই দ্বিতীয় অভিযুক্তই কাৰোবালৈ পাঁচখন ভাৰতীয় চিমকাৰ্ড প্ৰেৰণ কৰিছে।

Daily time axomIndiaNew DelhiWorld
Comments (0)
Add Comment