মই এন জি অ’ খুলিবলৈ অহা নাই, মনোৰঞ্জনৰ বাবে চিনেমা কৰো: তাপচী


নতুন ছবিৰ প্ৰচাৰৰ বাবে কলকাতাত ঝাটিকা ভ্ৰমণত তাপসী পান্নু। এই ছবিখনে দৰ্শকক কি বাৰ্তা দিব?


প্ৰতি চিনেমাৰ সৃষ্টিৰ আঁৰত এই উদ্দেশ্য থকাটো অতি প্ৰয়োজনীয় নেকি? এই প্ৰশ্ন উত্থাপন কৰিলে অভিনেত্ৰী তাপসী পান্নুৱে।

১৯ আগষ্টত মুক্তি লাভ কৰিছে তেওঁৰ নতুন ছবি ‘ডোবাৰা’। থ্ৰিলাৰত মেৰিয়াই থোৱা এই ছবিখনেও দিবনে সামাজিক বাৰ্তা?

কলকাতাত ছবিখনৰ প্ৰচাৰৰ সময়ত এনে প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকী। কি ক’লে নায়িকাগৰাকীয়ে? তাপচীৰ কণ্ঠত প্ৰতিবাদৰ সুৰ। তেওঁ কয় যে মই এন জি অ’ (স্বেচ্ছাসেৱী সংগঠন) খুলিব পৰা নাই। মানুহক মনোৰঞ্জন দিবলৈ আমি ছবি বনাইছো।


অভিনেত্ৰী গৰাকীয়ে আৰু কয় যে প্ৰতিখন ছবিয়ে সমাজক কিবা এটা বাৰ্তা দিব লগা হোৱাটো প্ৰয়োজনীয় নহয়। কিন্তু হয়, এই ছবিখন চাবলৈ আহিব লাগিব কেৱল মনোৰঞ্জন আছে বুলিয়েই নহয়।”

নায়িকা গৰাকীয়ে সদায় নতুন ধৰণেৰে দৰ্শকক ধৰিবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ পিছত শ্বাহৰুখ খানৰ সৈতে ‘ডাংকি’ ছবিত তেওঁক দেখা যাব।

AssambollywoodDaily time axomInternationalNew Delhi
Comments (0)
Add Comment