মহাৰাষ্ট্ৰত দধি ভাণ্ড খেলি থকা অৱস্থাত আহত ১১১ জন

সমগ্ৰ মহাৰাষ্ট্ৰত শুকুৰবাৰে জন্মাষ্টমী উদযাপন কৰা হয় ব্যাপকভাবে। তাৰে অংশ হিচাপে দধি ভাণ্ড খেলা হয়। এই খেল খেলি থাকোঁতে আঘাতপ্ৰাপ্ত হয় ১১১ জন লোক। ইয়াৰে ২৩ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

শুকুৰবাৰে (১৯ আগষ্ট) মুম্বাই নগৰত উদযাপন কৰা হয় দধি ভাণ্ড প্ৰতিযোগিতা। এইবাৰৰ প্ৰতিযোগিতাখনৰ আকৰ্ষণ অলপ বেছি আছিল। কাৰণ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে ৰাজ্য বিধানসভাত ঘোষণা কৰিছিল যে চৰকাৰে দধি ভাণ্ডক দুঃসাহসিক ক্ৰীড়াৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ ‘দুঃসাহসিক ক্ৰীড়া’ টেগটো লাভ কৰি দধি ভাণ্ডাত অংশগ্ৰহণ কৰা যুৱতীসকলে ক্ৰীড়া কোটাৰ অধীনত চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ দুৱাৰ মুকলি কৰি দিছে।

কেৱল এয়াই নহয়, বিভিন্ন ৰাজনৈতিক দলে আৰু বহুতো বঁটা ঘোষণা কৰিছে। উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰ নৱনিৰ্মণ সেনাই দধি ভাণ্ড প্ৰতিযোগিতাত বিজয়ী সকলক ৫৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। অবিনাশ যাদৱে বিজয়ী সকলক ১১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। প্ৰতিযোগিতাত জয়ী হোৱা দলটোৱেও স্পেইনলৈ যোৱাৰ সুযোগো লাভ কৰিব।

গতিকে এইবাৰৰ উৎসৱৰ বাবে প্ৰতিযোগীসকলৰ মাজত উত্তেজনা আৰু আগ্ৰহ অধিক আছিল। মাজতে ক’ৰবাত এটা দুৰ্ঘটনা সংঘটিত হ’ল। বিএমচিৰ তথ্য অনুসৰি কলহ ভাঙিবলৈ পিৰামিড নিৰ্মাণ কৰি থাকোঁতে আহত হৈছে ১১১ জন গোবিন্দ। ইয়াৰে ৮৮ গৰাকী ৰোগীক প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত ৰিলিজ দিয়া হয়। কিন্তু ২৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

bollywoodDaily time axomIndiaInternational
Comments (0)
Add Comment