Daily Time Axom

উত্তৰ প্ৰদেশত ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প

0 16

ভাৰতৰ উত্তৰ প্ৰদেশত ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প। শনিবাৰে নিশা ভূমিকম্পই কঁপাই তোলে ৰাজ্যখন। অৱশ্যে প্ৰথম অৱস্থাত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নগ’ল।

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ বাহৰাইচত দিনৰ ১:১২ বজাত সংঘটিত হয় এই ভূমিকম্প। য’ৰ পৰা ভাৰত-নেপাল সীমান্ত বৰ বেছি দূৰ নহয়। ভূমিকম্পৰ উৎস আছিল ৮২ কিলোমিটাৰ তলত। ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৫.২।

খবৰ অনুসৰি উত্তৰ প্ৰদেশ অযোধ্যাৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰ-পশ্চিমে, লক্ষ্ণৌৰ পৰা ১৩৯ কিলোমিটাৰ উত্তৰ আৰু উত্তৰ-পূবে, প্ৰয়াগৰাজৰ পৰা ২৯৮ কিলোমিটাৰ উত্তৰ আৰু উত্তৰ-পশ্চিমে, আগ্ৰাৰ পৰা ৩৩৪ কিলোমিটাৰ পূব আৰু উত্তৰ-পূবে; উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ১৯৬ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবে, উত্তৰাখণ্ডৰ পৰা ৩২১ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত অৱস্থিত ভূমিকম্পৰ উৎস।

এই ভূমিকম্পত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, বৰেলি, গোৰখপুৰ, কানপুৰ, ৰায়ে বাৰেলী, আগ্ৰা, উত্তৰাখণ্ডৰ বাঘেশ্বৰ, হালদ্বীৱানী, নতুন দিল্লীৰ কিছু অংশতো কঁপনি অনুভৱ কৰা হয়।

ইফালে, নেপালৰ কিছু অংশতো কঁপনি অনুভৱ কৰা হৈছে বুলি ভাৰতীয় নেচনেল জিঅ’লজিকেল চাৰ্ভেই প্ৰকাশ কৰিছে। কিন্তু এতিয়াৰ বাবে ভাৰতৰ ক’তো কোনো বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই৷

Leave A Reply

Your email address will not be published.