Daily Time Axom

পাইলচ হ’লে কি কৰিব? দেৰি হ’লে কি হ’ব?

0 14

পাইলছ (অৰ্শ) আজিকালি এটা সাধাৰণ শাৰীৰিক সমস্যা। মলদ্বাৰৰ বিষ, ৰক্তক্ষৰণ, মলদ্বাৰৰ ফুলা, জ্বলা-পোৰা আদি অৰ্শৰ সাধাৰণ লক্ষণ।

আঁহযুক্ত খাদ্যৰ অভাৱ, কোষ্ঠকাঠিন্য, মেদবহুলতা, বহু সময় থিয় হৈ বা বহি থকাৰ অভ্যাসত এই ৰোগ হয়। কিছুমান ঘৰুৱা উপায় আৰু খাদ্যাভ্যাস সলনি কৰি এই সমস্যাৰ সমাধান কৰা সম্ভৱ।

বৰফঃ অৰ্শ ৰোগৰ ঘৰুৱা উপায়সমূহৰ ভিতৰত বৰফ অন্যতম। বৰফে ৰক্ত সঞ্চালনক উদ্দীপিত কৰে আৰু বিষৰ পৰা উপশম দিয়ে। বৰফৰ কেইটামান টুকুৰা কাপোৰ এখনত মেৰিয়াই বিষ হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে। এনেদৰে দিনটোত কেইবাবাৰো বৰফ ব্যৱহাৰ কৰিলে ভাল ফল পাব।

আপেল চাইডাৰ ভিনেগাৰ: কটন বল এটাত আপেল চাইডাৰ ভিনেগাৰ আক্ৰান্ত ঠাইত প্ৰয়োগ কৰিব লাগে। প্ৰথম অৱস্থাত ই জ্বলা-পোৰাৰ সৃষ্টি কৰিব, কিন্তু কিছু সময়ৰ পিছত এই জ্বলা-পোৰা কমি যাব। আভ্যন্তৰীণ অৰ্শৰ বাবে এগিলাচ পানীত এচামুচ ভিনেগাৰ মিহলাই দিনে দুবাৰকৈ খাব লাগে। ইয়াৰ লগত এচামুচ মৌ মিহলাই দিব পাৰে।

এলোভেৰাঃ আক্ৰান্ত অংশত এলোভেৰা জেল লগাই বাহ্যিক ৰোগত মালিচ কৰিব লাগে। ইয়াৰ ফলত বিষ সোনকালে কমোৱাত সহায়ক হ’ব।

অলিভ অইলঃ দৈনিক এচামুচ অলিভ অইল সেৱন কৰিব লাগে। ই শৰীৰত হোৱা প্ৰদাহ সোনকালে হ্ৰাস কৰাত সহায় কৰে। পাইল নিৰাময় কৰাত ই অতি ফলপ্ৰসূ।

আদা আৰু নেমুৰ ৰসঃ পানীলগা অৰ্শৰ আন এটা কাৰণ। আদা, নেমু আৰু মৌ মিহলাই দিনে দুবাৰকৈ খাব লাগে। এই মিশ্ৰণটো নিয়মিতভাৱে সেৱন কৰিলে অৰ্শ সোনকালে নিয়ন্ত্ৰণলৈ আহে। ইয়াৰ বাহিৰেও দিনটোত কমেও ২-৩ লিটাৰ পানী খোৱাটো উপকাৰী।

Leave A Reply

Your email address will not be published.