এটা নতুন গৱেষণাৰ পৰা দেখা গৈছে যে সংগীক যিমানেই আকৰ্ষণীয় দেখা যায় সিমানেই পুৰুষে তেওঁৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছুক হয়। সংগীৰ আকৰ্ষণৰ মাত্ৰা আৰু কণ্ডম ব্যৱহাৰ কৰাৰ প্ৰৱণতাৰ মাজৰ সম্পৰ্ক অধিক বুজিবলৈ এই অধ্যয়ন চলোৱা হৈছিল।

১৮ৰ পৰা ৬৯ বছৰ বয়সৰ ৫১ জন পুৰুষৰ ওপৰত গৱেষণা কৰি এই তথ্য লাভ কৰা হৈছে। শেহতীয়াকৈ ‘বি এম জে অ’পেন’ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এই অধ্যয়নৰ ফলাফল। আইএএনএছৰ এই গৱেষণাৰ নেতৃত্ব দিছিল ব্ৰিটেইনৰ চাউথমপটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানৰ স্নাতক এনাষ্টাচিয়া এলেফথেৰিউৱে।
অধ্যয়নত দেখা গৈছে যে, গড়ে এগৰাকী মহিলা যিমানেই আকৰ্ষণীয় হয়, সিমানেই সংগীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ প্ৰতি আগ্ৰহী হয়, আৰু পুৰুষসকলে কণ্ডম ব্যৱহাৰ কৰাৰ সম্ভাৱনা সিমানেই কম হয়।

গৱেষকসকলৰ মতে, ইয়াৰ অৰ্থ হ’ল এজন পুৰুষে নিজৰ সংগীক যিমানেই কম আকৰ্ষণীয় বুলি অনুভৱ কৰে সিমানেই পুৰুষে কণ্ডম ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে।
গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল পুৰুষে নিজকে আকৰ্ষণীয় বুলি গণ্য কৰে তেওঁলোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা বেছি।