গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০০৬ – ০৮ বৰ্ষৰ শিক্ষাৰ্থীৰ এক বিশাল সতীৰ্থ সন্মিলনৰ শুভাৰম্ভণি কাৰ্যসূচী গুৱাহাটী প্ৰেছ ক্লাৱত।
আজি ইং ২০ আগষ্ট, শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিয়লি ৩ বজাত অনুষ্ঠিত হয় ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল শীৰ্ষক’ অনুষ্ঠানৰ শুভাৰম্ভণি কাৰ্যসূচী। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০০৬-০৮ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’ শীৰ্ষক এখনি সতীৰ্থ সন্মিলন।
সতীৰ্থ সন্মিলনখনিৰ আজি শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা পৱিত্ৰ ৰাভা, আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক দীপক শৰ্মা আৰু বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে। শুভাৰম্ভনী অনুষ্ঠানটোৰ আঁত ধৰে ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’ শীৰ্ষক অনুষ্ঠানৰ সভাপতি ড০ ৰবি শৰ্মাই। ইয়াৰ লগতে উপস্থিত থাকে সাধাৰণ সম্পাদক কিৰণ কুমাৰ গগৈ, কাৰ্যকৰী সভাপতি ৰাহুল গোস্বামী, সাংগঠনিক সম্পাদক ভাস্কৰ শইকীয়া আৰু উদযাপন সমিতিৰ প্ৰতিখন উপ-সমিতিৰ মুখ্য আহ্বায়ক। সভাৰ উদ্দেশ্য বাখ্যা কৰি সাধাৰণ সম্পাদক কিৰণ কুমাৰ গগৈয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয় নামটো মনলৈ আহিলেই বুকুত অহৰহ বাজি থাকে স্বাভিমানৰ শ্লোগান। অতীত আৰু বৰ্তমানৰ মেটমৰা সম্ভাৰেৰে ২০০৬-০৮ বৰ্ষৰ শিক্ষাৰ্থীৰ বিশেষ আয়োজন ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’, শীৰ্ষক অনুষ্ঠানটি। লগতে তেওঁ কয় যে ২০০৬-০৮ বৰ্ষৰ সকলো শিক্ষাৰ্থীক সংযুক্ত কৰিবলৈ আজিৰ এই শুভাৰম্ভনী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’ কেৱল এক অনুষ্ঠান হৈ নাথাকিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ অসমৰ এখন সহায়ৰ হাত হৈ ৰ’ব।
শুভাৰম্ভনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা পৱিত্ৰ ৰাভা, আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা আৰু বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে কয় যে – এনে অনুষ্ঠানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৌষ্ঠৱ দুগুনে বৃদ্ধি কৰে। ২০০৬-০৮ বৰ্ষৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনায় বিশিষ্ট ব্যক্তিসকলে। আজিৰ সংবাদমেলৰ জৰিয়তে সভাপতি ড০ ৰবি শৰ্মাই শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে মুকলি কৰে চাৰিটাকৈ ফোন নম্বৰ। নম্বৰকেইটা হ’ল ৮৬৩৮২১১৫১৮, ৭০৮৬৫২২৫৫৮, ৮৭৮৭৭৯৫৮১৬, ৭০০২০১৪৭৯২ এই নম্বৰ সমূহৰ জৰিয়তে’ কৃষ্ণচূড়াৰ দেশত জোনাকী মেল শীৰ্ষক অনুষ্ঠানৰ সৈতে সংযুক্ত হ’ব পাৰিব ২০০৬-০৮ বৰ্ষৰ শিক্ষাৰ্থী সকলে।
অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিবলৈ আয়োজক সমিতিয়ে প্ৰতিজন শিক্ষাৰ্থীৰ পৰা ২ হাজাৰ টকাকৈ পঞ্জীয়নৰ মাচুল ধাৰ্য কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঞ্জাৱ নেচনেল বেংকত থকা 1839200100004848 একাউন্ট নম্বৰৰ জৰিয়তে পঞ্জীয়নৰ মাচুল প্ৰদান কৰিবলৈ অনুৰোধ জনায়। শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে বেংকৰ সবিশেষ তলত উল্লেখ কৰা হ’ল-
KRISHNACHOORAR DESHOT JONAKI MEL
GUWAHATI UNIVERSITY, GUWAHATI
PUNJAB NATIONAL BANK
RTGS/NEFT-IFS CODE: PUNB0183920
ACCOUNT NO- 1839200100004848
আয়োজক সমিতিয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰকাশ কৰিবলৈ মনস্থ কৰিছে এখন সৰ্বাংগ সুন্দৰ আলোচনী। আলোচনীখনৰ নাম ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’। অসমীয়া, ইংৰাজী, বড়ো, হিন্দী, বাংলা ভাষাত প্ৰকাশ হ’বলগীয়া আলোচনীখনৰ বাবে গল্প, প্ৰৱন্ধ, অনুগল্প, উপন্যাস, কবিতা, কাব্য উপন্যাস, ৰস-ৰচনা, ব্যংগ, গুৱাহাটী বিশ্ববিদ্যালয়—জালুকবাৰী বিষয়ক অনুভৱ, অভিজ্ঞতা আদিৰে সংপৃক্ত ব্যক্তিগত ৰচনা, গীতি সাহিত্য, অনুবাদ সাহিত্য, সমালোচনা, চলচ্চিত্ৰ বিষয়ক লিখনি, ফটোগ্ৰাফী, শিল্প-কলা ভাস্কৰ্য আদিৰ ফটো, পেইণ্টিং, কাৰ্টুন চিত্ৰ, বিভাস-আভাস আদিৰ স্মৃতি বিজড়িত ফটো প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। লেখনি সমূহ ৰামধেনু ফন্টত ডিটিপি কৰি প্ৰেৰণ কৰিবলৈ আলোচনীখনৰ সম্পাদক দিপক বৰগয়াৰীয়ে অনুৰোধ জনায় ।
অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে আয়োজন কৰিছে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। প্ৰতিযোগিতা সমূহ হ’ল- এক মিনিটৰ গল্প, নীলাখামৰ চিঠি, জালুকবাৰীৰ দিনলিপি (অতীত আৰু বৰ্তমান)। প্ৰতিযোগিতা সম্পৰ্কে অধিক তথ্য যোগান ধৰিব সাংগঠনিক সম্পাদক ভাস্কৰ শইকীয়া আৰু প্ৰচাৰ আহ্বায়ক বিজয় শংকৰ শইকীয়া। লেখাসমূহ প্ৰেৰণ কৰিব পাৰে এই নম্বৰত -৮৬৩৮০১৯৬২৫, ৮৭৮৭৭৯৫৮১৬ জানিবলৈ দিছে । কাৰ্যকৰী সভাপতি ৰাহুল গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’ শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এখনি আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয়- ‘বৌদ্ধিক উত্তৰণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা (অতীত আৰু বৰ্তমান)। আলোচনা চক্ৰখনি সফল কৰিবলৈ সকলো শিক্ষাৰ্থীৰ সহযোগীতা কামনা কৰে সভাপতি গৰাকীয়ে। ইয়াৰোপৰি অনুষ্ঠানটিৰ আটাইতকৈ আকৰ্ষণীয় বিষয়টো হ’ল শিক্ষাৰ্থী সকলে যৌথভাৱে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া। ২০০৬-০৮ বৰ্ষৰ শ্ৰেষ্ঠ গায়ক, শ্ৰেষ্ঠ গায়িকা, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী, শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক সকলক সম্বৰ্ধনা জনোৱা হ’ব বুলি জনায় সাংস্কৃতিক বিভাগৰ মুখ্য আহ্বায়ক মৃণাল নাথে। সাংস্কৃতিক অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ কোনো শিক্ষাৰ্থীয়ে নিজৰ অনুষ্ঠান যদি পৰিবেশন কৰিব খোজে তেন্তে সাংস্কৃতিক বিভাগৰ সহ আহ্বায়ক মুখ্যধৰ দাসক ৭০০২৩৬৫১৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় আহ্বায়ক মৃণাল নাথে। আয়োজক সমিতিয়ে দূৰ-দূৰণিৰ পৰা অহা শিক্ষাৰ্থী সকলক ট্ৰেন্সপোৰটেশ্যন সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।
ট্ৰেন্সপোৰটেশ্যন কমিটিৰ আহ্বায়ক হিচাপে আছে ঋষিকেশ দুৱৰা- ৯৪৩৫৪৯৯৬৬৬
ইনামূল হুছেইন- ৯৮৫৪৪৫৫৫৬৯
ৰাতুল কুমাৰ দাস- ৭০০২৯৯৯০৩
সভাৰ শেষত সভাপতি ড০ ৰবি শৰ্মাই সভাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি সকলো শিক্ষাৰ্থী সংযুক্ত হওঁক, সকলো শিক্ষাৰ্থীয়ে সহযোগীতা আগবঢ়াওঁক, আৰু সাফল্য মণ্ডিত কৰি তোলক ‘কৃষ্ণচূড়াৰ দেশত জোনাকী মেল’ শীৰ্ষক অনুষ্ঠানটি বুলি সভাপতি গৰাকীয়ে সকলোকে আহ্বান জনায়।
লিখনি প্ৰেৰণ কৰাৰ ঠিকনা-
DR. RABINDRA SHARMA, CO DIRECTOR GAUHATI UNIVERSITY, IDOL, GOPINATH BORDOLOI NAGAR, JALUKBARI, KARUP MWTRO, GHY 14
PH NO- 7896996205
MAIL ID-
gettogethergu22maga@gmail.com