বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউট মানেই ‘বিতৰ্কৰ ৰাণী’।
সাম্প্ৰতিক সময়ত বলীউডৰ এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিনয়তো মনোনিৱেশ কৰিছে। এতিয়া নাৰীকেন্দ্ৰিক কাহিনীৰ ওপৰত তেওঁ গুৰুত্ব দিয়া হৈছে।
কিন্তু বৰ্তমান ডেংগুত ভুগি থকা এই বিতৰ্কৰ ৰাণীয়ে এক উন্মাদনাৰ সৃষ্টি কৰিছে।তেওঁ এতিয়া ব্যস্ত হৈ পৰিছে ‘ইমাৰ্জেন্সি’ চিনেমাখনৰ শ্বুটিঙৰ কামত। ইয়াৰ মাজতে তেওঁ ডেংগুত আক্ৰান্ত হৈছে।

জানিব পৰা মতে অভিনেত্ৰীগৰাকী ডেংগু জ্বৰত আক্ৰান্ত হৈ পৰিছে।মণিকাৰ্ণিকা ফিল্মছৰ এতিয়া কোনোবাই লিখিছে, ‘এয়া আবেগ নহয়, উন্মাদনাহে। আমাৰ নেতৃস্থানীয় কংগনা ৰানাউট আমাৰ প্ৰেৰণা।’
কংগনাই কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ পুনৰ লিখিলে, ‘মণিকাৰ্ণিকা ফিল্মছৰ দললৈ ধন্যবাদ। শৰীৰটো হয়তো অসুস্থ হৈ পৰিছে আৰু উৎসাহ কমি যোৱা নাই।
ইতিমধ্যে মুক্তি লাভ কৰিছে ‘ইমাৰ্জেন্সী’ৰ টিজাৰ। ছবিখনত কংগনাই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। বছৰৰ আৰম্ভণিতে কংগনাই ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছিল যে তেওঁ ইন্দিৰাৰ বায়’পিকখনৰ বাবে পৰিচালক ছাই কবীৰৰ সৈতে টিম আপ কৰিব। কিন্তু সাই কবীৰে নহয়, এতিয়া ছবিখন নিজেই পৰিচালনা কৰিছে কংগনাই।