বলীউডৰ অভিনেত্ৰী সোণম কাপুৰে শনিবাৰে সন্তান জন্ম দিলে। অনিল কাপুৰৰ কন্যা মাতৃ হোৱাৰ খবৰে আৰম্ভ কৰিলে নতুন জল্পনা-কল্পনা। কেটৰিনা কাইফ গৰ্ভৱতী নেকি? চিকিৎসালয়ৰ বাহিৰত ভিকেটক দেখা পোৱাৰ পিছতে এই উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰিছে।
এইয়া প্ৰথমবাৰৰ বাবে নহয়। এই পাৱাৰ কাপলৰ বিষয়ে এনে জল্পনা-কল্পনা ইয়াৰ আগতেও বহুবাৰ শুনা গৈছে। শেষত প্ৰতিবাৰেই খবৰটো ভুল হৈ পৰিল। ডিচেম্বৰ মাহত দুয়োজন তাৰকা একত্ৰিত হোৱাৰ পিছৰে পৰা অনুৰাগীসকলে নতুন অতিথিজন ভিকেটৰ পৰিয়াললৈ অহাৰ বাবে অপেক্ষা কৰি আছে। কিন্তু প্ৰতিবাৰৰ দৰেই এইবাৰো খবৰটো চাগে জল্পনা-কল্পনা। কাৰণ অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰা মতে, কেটৰিনা এজন দন্ত চিকিৎসকক লগ কৰিবলৈ মেডিকেললৈ গৈছিল। আচলতে কেইদিনমান আগতে তেওঁৰ এটা দাঁত সৰাব লগা হৈছিল। শেহতীয়াকৈ ‘কফি উইথ কৰণ’ শ্ব’ত কেটৰিনাই সেই কথাও জনাইছিল।
কিছুদিন পূৰ্বে কেটৰিনা গৰ্ভৱতী হোৱাৰ উৰাবাতৰি ওলাইছিল। বিমানবন্দৰত তেওঁক দেখা পোৱাৰ পিছতে আৰম্ভ হ’ল হুলস্থুল। কিন্তু পিছলৈ গম পোৱা যায়, সকলো ভিত্তিহীন অনুমান।