নিউজ ডেস্ক, ২১ আগষ্টঃ ক’ভিড, মাংকিপক্সৰ পাছত এইবাৰ টমেটো ফ্লু। এই নতুন ৰোগবিধে দেখা দিছে ভাৰতৰ কেইবাখনো ৰাজ্যত। ভাৰতৰ কেৰালা, উৰিষ্যাত ধৰা পৰিছে এই নতুন ৰোগত আক্ৰান্ত হোৱা বহুকেইগৰাকী ৰোগী।
চিকিৎসকৰ মতে বিশেষকৈ শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে। এই ৰোগ হলে ৰোগীৰ দেহৰ হাত, ভৰি, মুখত দেখা দিয়ে পানীজলা। এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ৮২ টালৈ বৃদ্ধি হয়।
উল্লেখ্য যে ৰোগীৰ শৰীৰত দেখা দিয়া পানীজলা সমূহৰ আকাৰ সৰু সৰু বিলাহীৰ দৰে হোৱাৰ বাবে ৰোগিবধক টমেটো ফ্লু নামেৰে জনা যায়। এই ৰোগত আক্ৰান্ত হলে ৰোগীৰ তীব্ৰ জ্বৰ, গা বিষ, গাঁঠি ফুলি উঠা আদি লক্ষণসমূহে দেখা দিয়ে।