Daily Time Axom

ডবকাৰ ৰাজপথত ভয়ংকৰ অগ্নিকাণ্ড

17

নিউজ ডেস্ক, ২১ আগষ্টঃ হোজাই জিলাৰ ডবকাৰ চালবাগান অঞ্চলত এখন চলন্ত ডাম্পাৰ ট্ৰাকত জুই লাগে।

AS 09 AC 8981 পঞ্জীয়ন নম্বৰ থকা ট্ৰাকখন ডিফুৰ পৰা ডবকা অভিমুখে গৈ থকা অৱস্থাত ট্ৰাকখনত জুই লাগে।

অৱশ্যে, এই অগ্নিকাণ্ডত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।

ঘটনাটোৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ বাহন আৱদ্ধ হৈ পৰাৰ বাবে প্ৰচুৰ যান-জঁটৰ সৃষ্টি হৈছিল।

ইফালে, স্থানীয় লোকে অভিযোগ কৰে যে ঘটনাটোৰ এঘণ্টা পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়।

Comments are closed, but trackbacks and pingbacks are open.