কাৰাগাৰলৈ নিয়া গাড়ীতে জন্মদিনৰ কেক কাটিলে গেংগষ্টাৰে। থানাৰ পৰা আদালতলৈ যোৱাৰ পথতে এই ঘটনা সংঘটিত হৈছে। হত্যাৰ অভিযুক্ত এক অপৰাধীয়ে এনে সুযোগ কেনেকৈ পালে, প্ৰশ্ন উত্থাপন হয়। এই ঘটনাত মহাৰাষ্ট্ৰ আৰক্ষীক স্বাভাৱিকতে প্ৰশ্ন তুলিছে।
ৰোশন ঝন নামৰ ব্যক্তিজন মহাৰাষ্ট্ৰৰ উল্লাসনগৰৰ বাসিন্দা। তেওঁ হত্যা, হত্যাৰ চেষ্টা, ধন দাবী আদি একাধিক গোচৰত জড়িত। মহাৰাষ্ট্ৰৰ কেইবাখনো থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সেই অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছিল ৰোশনক। আদালতত হাজিৰ হোৱাৰ সময়ত তেওঁক থানাৰ পৰা কাৰাগাৰলৈ ভ্যানত লৈ গৈছিল। সেই সময়তে ৰাজপথত কুখ্যাত অপৰাধীৰ চক্ৰই ভিৰ কৰিছিল।
আদালতত হাজিৰ হোৱাৰ দিনটো সংঘটিত হ’ল কুখ্যাত অপৰাধীজনৰ জন্মদিন। সেয়ে হাতত কেক লৈ কাৰাগাৰৰ ভ্যানৰ বাহিৰত থিয় হ’ল বন্ধুবোৰ৷ দুষ্কৃতিকাৰীয়ে খিৰিকীৰে বাহিৰলৈ হাতে উলিয়াই বাৰ্থডে কেকটো কাটি দিয়ে। ইয়াৰ পিছতে কাৰাগাৰৰ ভ্যানখন আদালতলৈ আগবাঢ়ি যায়।
সেই দুষ্কৃতিকাৰীৰ সহযোগীসকলে কেমেৰাত ধৰিলে ৰোচনৰ কেক কটা পৰা মুহূৰ্তটো। পিছলৈ ইয়াক WhatsApp ষ্টেটাছতো দিয়ে। আৰু সেয়া বহুতে দেখে। কাৰাগাৰৰ ভ্যানত বহি থকা অভিযুক্তৰ জন্মদিনৰ কেক কাটি লোৱা ঘটনাটো স্বাভাৱিকতে ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। এই ঘটনাটোত সমালোচনাৰ ধুমুহাৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে, নিৰাপত্তাৰক্ষী থকাৰ পাছতো কাৰাগাৰৰ ভ্যানখনৰ ইমান ওচৰলৈ কেনেকৈ গ’ল অভিযুক্ত বন্ধু ? কিয় নিৰাপত্তাৰ ক্ষেত্ৰত শিথিলতা আছিল? কেক লৈ কাৰাগাৰৰ ভ্যানখনৰ কাষ চাপি অহাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে? কিয় অপসাৰণ কৰা নহ’ল অভিযুক্তৰ সহযোগীসকল? কিন্তু এই সন্দৰ্ভত আৰক্ষীৰ পৰা কোনো সঁহাৰি পোৱা নাই।