Daily Time Axom

দলৰ স্বাৰ্থত ৰাহুল, প্ৰিয়ংকা- গান্ধী তিনিও দলৰ পৰা পদত্যাগ কৰিবলৈ ইচ্ছুক

0 9

দলীয় সূত্ৰ অনুসৰি কংগ্ৰেছৰ সভাপতি পদক লৈ ৰাহুল গান্ধীয়ে এনে এক অটল মনোভাৱ গ্ৰহণ কৰিছে। সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে নিজে পুনৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব ল’বলৈ ইচ্ছুক নহয়। মাতৃ ছোনিয়া গান্ধী শাৰীৰিক অসুস্থ হৈ থকাৰ পিছতো সেই পদত থকাটো তেওঁ নিবিচাৰে। সেই দায়িত্ব ভনীয়েক প্ৰিয়ংকা গান্ধীয়ে লোৱাটো ৰাহুলে নিবিচাৰে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি ৰাহুলে দলীয় নেতাসকলক জনাইছে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ছোনিয়াৰ নেতৃত্বত আৰু ২০১৯ চনত তেওঁৰ নেতৃত্বত কংগ্ৰেছ পৰাস্ত হৈছিল। এইবাৰ তেওঁ জোৰ দি কয় যে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবা এজনক কংগ্ৰেছৰ সভাপতি বনাব লাগে। কিন্তু তথাপিও তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৰাহুল গান্ধীয়ে। সেই সময়ত কংগ্ৰেছ নেতাসকলৰ পৰা সহায় নোপোৱাৰ অভিযোগ কৰি দলীয় বৈঠকত তেওঁ কয় যে তেওঁৰ ঠাইত প্ৰিয়ংকাক সভানেত্ৰী বনাব নালাগে। গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবাই দায়িত্ব ল’ব লাগে। অৱশেষত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ হেঁচাত ছোনিয়াই পুনৰ সভাপতিৰ দায়িত্ব ল’বলৈ সন্মত হয়। এতিয়া কংগ্ৰেছ নেতা সকলে প্ৰশ্ন কৰিছে অকল ৰাহুলে সন্মত নহয় নেকি, অন্ততঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ ছোনিয়া সভাপতি হিচাপে থাকিব লাগে। কিন্তু কংগ্ৰেছৰ সূত্ৰই দাবী কৰিছে যে ৰাহুলেও তাৰ ওপৰত আপত্তি কৰিছে। ছোনিয়াও ইচ্ছুক নহয়। উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত দলীয় বৈঠকত নিজেই ছোনিয়াই কয় যে দলৰ স্বাৰ্থত তেওঁ, ৰাহুল, প্ৰিয়ংকা- গান্ধী পৰিয়ালৰ তিনিওজন সদস্যই দলৰ পৰা পদত্যাগ কৰিবলৈ ইচ্ছুক ।

Leave A Reply

Your email address will not be published.