Daily Time Axom

ৰাজ্য চৰকাৰৰ মাধ্যম নীতিক সমালোচনা ABVPৰ

24

নিউজ ডেস্ক, ২২ আগষ্টঃ অসমত চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে।

মাতৃভাষাৰ অস্তিত্ব নি:শেষ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে তীব্ৰ ভাষাৰে বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্তক বিদ্যাৰ্থীক নিজ মাতৃভাষাৰ পৰা এক বৃহৎ দূৰত্বত অৱস্থিত কৰিব বুলি মত পোষণ কৰে।

উল্লেখ্য যে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই বিষয়টোৰ ওপৰত পুনৰ বিবেচনা কৰি এক উচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়।

Comments are closed, but trackbacks and pingbacks are open.