নিউজ ডেস্ক, ২২ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনা বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাৰ বাবে জম্মু-কাশ্মীৰৰ ৯ জন শিক্ষকক নিলম্বন কৰে প্ৰশাসনে।
স্বাধীনতা দিৱসৰ দিনা জম্মু-কাশ্মীৰ প্ৰশাসনে সকলো চৰকাৰী বিদ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ নিৰ্দেশ জাৰি কৰিছিল। ইন্দেৰৱাল অঞ্চলৰ খণ্ড শিক্ষা বিষয়াই প্রশাসনলৈ প্রেৰণ কৰা এক প্রতিবেদনত কয় যে বটৱাৰী অঞ্চলৰ মাধ্যমিক আৰু প্রাথমিক বিদ্যালয়ৰ একাংশ শিক্ষকে এই নির্দেশ মানি চলা নাই৷
খবৰ অনুসৰি, এইসকল শিক্ষক হ’ল ৰফিক আহমেদ, পাৰিলাল, আয়াজ আহমেদ, ছাজ্জাদ আহমেদ ৱানী, ফাৰুক আহমেদ বুমল, গুলাম মহীউদ্দিন ৱানী, মহম্মদ ছিকান্দৰ, ছয়দা বানু আৰু গুলাম হুছেইন বাট। প্ৰশাসনৰ মতে, প্ৰাথমিক তদন্তত অভিযোগৰ সপক্ষে প্ৰমাণ পোৱা গৈছে। গতিকে ৯ গৰাকী শিক্ষকক নিলম্বিত কৰা হৈছে। তিনিজনীয়া কমিটীয়ে ঘটনাটোৰ ওপৰত অধিক তদন্ত কৰিব। কমিটীক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কোৱা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.