Daily Time Axom

‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’- বিজেপি

9

নিউজ ডেস্ক, ২২ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে। যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী।

উল্লেখ্য যে মনীষ ছিচ’দিয়ালৈ আহিছে বিজেপি দলৰ পৰা এক অ’ফাৰ। আপ এৰি বিজেপিত যোগদানৰ বাবে ছিচ’দিয়ালৈ আহিল বাৰ্তা। এই কথা মনীষ ছিচ’দিয়াই নিজৰ টুইটাৰ একাউন্টত এটা পোষ্ট কৰিছে। ছিচ’দিয়াই উল্লেখ কৰিছে যে বিজেপিৰ পৰা ছিচ’দিয়াক দিয়া বাৰ্তা – ‘আপ এৰি বিজেপিত যোগ দিয়া। চিবিআই, ইডিৰ সকলো গোচৰৰ পৰা মুক্ত কৰি দিম।’

Comments are closed, but trackbacks and pingbacks are open.