নিউজ ডেস্ক, ২২ আগষ্টঃ যদিও সূৰ্যৰ ৰশ্মিক বিজ্ঞানত ভিটামিন ডিৰ এক ডাঙৰ উৎস বুলি কোৱা হয়, কেতিয়াবা সূৰ্যৰ ৰশ্মিয়ে ক্ষতিও কৰে। তেনে এটা ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ঘটিছে বুলগেৰিয়াত। ব্ৰিটেইনত বাস কৰা চিৰিন মুৰাদ নামৰ এগৰাকী বিউটিচিয়ান বন্ধৰ দিনবোৰ কটাবলৈ সাগৰৰ পাৰত উপস্থিত হৈ চানক্ৰীম ব্যৱহাৰ নকৰাকৈ আধা ঘণ্টা শুই আছিল। তেতিয়া সূৰ্যৰ ৰশ্মিৰ উত্তাপ আছিল ২১ ডিগ্ৰী চেলচিয়াছ।
আধা ঘণ্টাৰ পিছত, যেতিয়া তেওঁ সাৰ পাইছিল, তেওঁক কঁপালত অলপ জ্বলা-পোৰা অনুভৱ কৰিছিল। পাছত তেওঁৰ কঁপালখন ৰঙা পৰি বিষোৱা আৰম্ভ কৰিছিল । তাৰ পাছত পিছদিনা ৰাতিপুৱা তেওঁ যি দেখিছিল সেয়া তেওঁৰ বাবে যথেষ্ট আচৰিত হ’বলগীয়া আছিল।
কিয়নো ৰাতিপুৱালৈকে তেওঁৰ কপাল প্লাষ্টিকৰ দৰে সংকুচিত হৈ পৰিছিল। তেওঁৰ মুখখন পোৰাই নহয় তীব্ৰ বিষো হৈছিল।
Comments are closed, but trackbacks and pingbacks are open.