এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত প্ৰৱঞ্চক চক্ৰৰ ধনদাবী

নিউজ ডেস্ক, ২২ আগষ্টঃ এইবাৰ অনলাইন প্ৰৱঞ্চক চক্ৰৰ কবলত পৰি প্ৰৱঞ্চনাৰ সন্মুখীন হ’ব লগীয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ। উপাচাৰ্য গৰাকীৰ নাম লৈ জাল পেলাইছে এই চক্ৰই।

বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ পৰা উপাচাৰ্যৰ নাম লৈ লুটিলে লাখ লাখ টকা। ভুগোল বিজ্ঞান বিভাগৰ অধ্যাপক অনুপ শইকীয়াই সন্মুখীন হয় এই প্ৰৱঞ্চনাৰ।

১৪ আগষ্টৰ দিনা ৭৭২২৯৯১৮৩৬ নম্বৰৰ পৰা অধ্যাপক গৰাকীলৈ হোৱাটচ এপত মেছেজ আহিছিল। উক্ত মেছেজ সমূহত সহায় বিচাৰিছিল অধ্যাপক গৰাকীৰ পৰা আৰু এমাজন পেৰ গিফ্ট কুপন ক্ৰয় কৰাৰ কথা কৈছিল।

উপাচাৰ্যৰ নাম লৈ অহা বাবে প্ৰায় লাখ টকাৰ কুপন ক্ৰয় কৰিছিল অধ্যাপক গৰাকীয়ে। কিন্তু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ তৰফৰ পৰা অহা এটা সতৰ্কতামূলক মেছেজত স্পষ্ট হয় সকলো।

ঘটনা সংঘটিত হোৱাৰ আগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এটা মেইল কৰিছিল যদিও এই মেইল খুলি চোৱা নাছিল অধ্যাপক গৰাকীয়ে। যাৰ বাবে লাখ টকা হেৰুৱাব লগা হয় অধ্যাপক গৰাকীয়ে।ঘটনা সন্দৰ্ভত অধ্যাপক গৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

AssamDaily time axomGauhatiUniversityGuwahatiIndia