Daily Time Axom

হাউলীৰ পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ

13

বৰপেটা,২৩ আগষ্টঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলী পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ।মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৰাপাট বজাৰৰ ওচৰৰ আৰ চি চি বিল্ডিংৰ ছাদৰ ওপৰত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰাত ৰাইজৰ মাজত হুৱা-দোৱা লাগে। পিছত ৰাইজে মৃতদেহটো সৰুপেটাৰ নৱ নাথ বুলি চিনাক্ত কৰে। ইতিমধ্যে হাউলীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।

Comments are closed, but trackbacks and pingbacks are open.