নিউজ ডেস্ক, ২৩ আগষ্টঃ সম্প্ৰতি সাতদফীয়া দাবীৰ সমৰ্থনত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি ১১ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
ধৰ্মঘটকাৰী সকলে বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়াক, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি দিয়ক, আকাশলংগী মূল্য বৃদ্ধি ৰোধ কৰক, ভূমিহীন লোকক মাটিৰ পট্টা দিয়ক, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, আমছু জিন্দাবাদ আদি শ্লোগানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে ।
উক্ত কাৰ্য্যসূচীত আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমান, আমছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আইনুদ্দি আলী আহমেদ, জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলী, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানসহ আমছুৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।
Comments are closed, but trackbacks and pingbacks are open.