নিউজ ডেস্ক, ২৩ আগষ্টঃ শ্ৰীলংকাৰ পিছতেই এতিয়া অৰ্থনৈতিক সংকটত ভূগিছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত। দেশখনত বিদ্যুতৰ চৰম নাটনিয়ে দেখা দিছে। ইন্ধনৰ অভাৱনীয় দাম বৃদ্ধি হৈছে বাংলাদেশত। বাংলাদেশ চৰকাৰী কাৰ্যালয়ৰ সময়ৰ ব্যাপক সালসলনি হৈছে।
চৰকাৰী কাৰ্যালয় সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব। বেংকৰ কাম-কাজ চলিব পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ। শৈক্ষিক প্ৰতিষ্ঠানসমূহ সপ্তাহত দুদিনকৈ বন্ধ থাকিব। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ।
এই সিদ্ধান্ত বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। কম পৰিমাণে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰৰ আহ্বান চৰকাৰৰ। চৰকাৰী কাৰ্যালয়ৰ খিৰিকী পৰ্দাও আঁতৰোৱাৰো নিৰ্দেশ। বাংলাদেশত শেহতীয়াকৈ ইন্ধনৰ দাম ৫২ শতাংশ বৃদ্ধি কৰা হৈছে। বাংলাদেশ কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।