পুনৰ ছিপাঝাৰত ধৰ্মীয় সংকীৰ্ণতাৰ ঘটনা,এটা পৰিয়ালক সমাজচ্যুত ব্রাহ্মণসমাজৰ

নিউজ ডেস্ক, ২৩ আগষ্টঃ পুনৰ ছিপাঝাৰত সংঘটিত হৈছে ধৰ্মীয় সংক্ৰীণতাৰ ঘটনা সংঘটিত হৈছে। সমাজে এঘৰীয়া কৰা ব্যক্তিক প্ৰসাদ খাবলৈ দিয়াৰ অপৰাধত ব্ৰাহ্মণ সমাজৰ শাস্তিৰ সন্মূখীন হৈছে এটা পৰিয়াল।

ছিপাঝাৰৰ ২নং ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাত এই ঘটনা সংঘটিত হৈছে।
শাস্তিৰ সন্মূখীন হোৱা ব্ৰাহ্মণ পৰিয়ালটোৰ ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল স্থানীয় ব্ৰাহ্মণ সমাজে পূৰ্বে এঘৰীয়া কৰা এজন লোক।

এনে লোকক পূজাৰ প্ৰসাদ খাবলৈ দিয়াটো অপৰাধ গণ্য কৰি আনন্দিপাৰাৰ ব্ৰাহ্মণে সমাজচ্যুত কৰিলে দীনেশ শৰ্মা নামৰ লোকজনৰ পৰিয়ালটোক।
তদুপৰি অতি চতুৰতাৰে জাননীপত্ৰত এঘৰীয়া শব্দটো ব্যৱহাৰ নকৰাকৈয়ে এঘৰীয়া কৰি অমানৱীয় শাস্তি বিহিলে দৰিদ্ৰ পৰিয়ালটোক।

পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে সোমবাৰে স্থানীয় ব্ৰাহ্মণ সমাজৰ খেলৰ সভাপতি/সম্পাদকৰ স্বাক্ষৰ সম্বলিত এক পত্ৰ তেওঁলোকে লাভ কৰে। তাত উল্লেখ কৰা মতে, সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্ভূক্ত পৰিয়ালসমূহৰ গৃহত হোৱা কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে।

ইফালে এবছৰ ধৰি জটিল ৰোগত ভুগি সৰ্বস্বান্ত আৰু শয্যাশায়ী হৈ আছে অতি দৰিদ্ৰ দীনেশ শৰ্মা ।
নিজৰ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানৱীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো।

AssamCasteDaily time axomIndiaSipajhar