নিউজ ডেস্ক, ২৩ আগষ্টঃ ৰাজ্যত পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন। মৰিগাঁৱৰ মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ। উৎকোচ লওঁতেই হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। ধৃত প্ৰধান শিক্ষকজনৰ নাম দিদাৰুল ইছলাম। ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যত উৎকোচ লওতেই চৰকাৰী বিষয়াসকলক হাতে-লোটে ধৰা পেলাই দূৰ্নীতি নিবাৰক শাখাই।
Comments are closed, but trackbacks and pingbacks are open.