Daily Time Axom

ক’ভিডত আক্ৰান্ত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

35

নিউজ ডেস্ক, ২৩ আগষ্টঃ এছিয়া কাপৰ প্ৰাকক্ষণত টীম ইণ্ডিয়ালৈ বেয়া খবৰ। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত। ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ খেল।

ইতিমধ্যে খেলৰ বাবে UAEলৈ ৰাওনা টীম ইণ্ডিয়া। কিন্তু ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দলৰ সৈতে নগ’ল ৰাহুল দ্ৰাবিড়।

বৰ্তমান আইছ’লেচনত ৰখা হৈছে ৰাহুল দ্ৰাবিড়ক।এছিয়া কাপত ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে আছে ভাৰতৰ প্ৰথমখন খেল।

Comments are closed, but trackbacks and pingbacks are open.