Daily Time Axom

গুৱাহাটীত স্মাৰ্ট কেমেৰা সংলগ্ন নতুন ট্ৰেফিক ছিগনেল

24

নিউজ ডেস্ক, ২৩ আগষ্টঃ মহানগৰীত আজিৰে পৰা কাৰ্যকৰী হ’ব ২০ টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব এই ডিজিটেল ট্ৰেফিক ছিগনেল। দুটাকৈ চিচিটিভি কেমেৰা সংযোজিত হৈ থাকিব ট্ৰেফিক ছিগনেল ব্যৱস্থাত। এটা চিচিটিভি কেমেৰাই ৰাজপথৰ ভিজুৱেল বন্দী কৰিব। আনটো চিচিটিভি কেমেৰাই বাহনৰ নম্বৰপ্লেট, জেব্ৰা ক্ৰছিং নিৰীক্ষণ কৰিব।

মহানগৰীৰ সৰ্বমুঠ ৯৪টা স্থানত লগোৱা হৈছে ট্ৰেফিক ছিগনেল লাইট। ১ম পৰ্যায়ত খানাপাৰাৰ পৰা পল্টন বজাৰৰ নেপালী মন্দিৰ পৰ্যন্ত কাৰ্যকৰী হ’ব এই ছিগনেল।

উল্লেখ্য যে নিয়ম অমান্যকাৰীলৈ অনলাইনযোগে যাব ই-চালান।

Comments are closed, but trackbacks and pingbacks are open.