বঙাইগাঁৱৰ মানিকপুৰত অচিন ৰোগত আক্ৰান্ত এজন

নিউজ ডেস্ক, ২৩ আগষ্টঃ বঙাইগাওঁ জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাশঁবাৰী চালাবিলা পঞ্চায়তৰ আওলাগুৰীৰ জামাল আলী নামৰ এজন লোক অচিন ৰোগত আক্ৰান্ত হৈ আছে। অসমৰ বিভিন্ন ঠাইত চিকিৎসা কৰি সুফল পোৱা নাই।

বিগত ১৫ বছৰ ধৰি ভূগি আছে অচিন ৰোগত। এতিয়া পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে। নিজৰ অলপ আৰ্থিক সম্বল আছিল সেয়া শেষ কৰি সৰ্বশান্ত হৈছে পৰিয়ালটোৱে। পৰিয়াল পোহপাল দিবলৈ অসক্ষম তেনে স্হলত নিজৰ চিকিৎসা কৰিব কেনেকৈ।
এতিয়া পৰিয়ালৰ লোকে তথা ভুক্ত ভূগিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ লগতে ৰাইজৰ পৰা আৰ্থিক সহায় সহযোগিতা বিচাৰিছে। ভূক্তভোগীৰ বেংক একাউন্ট তলত উল্লেখ কৰা হৈছে।
JAMAL ALI, A/c no. 1718001700026195
Bank:PNB, MANIKPUR
Ifsc code:PUNB0171800
Phone No. n Gogle pay/PHONE PE no. 9101202620.

AssamDaily time axomIndia