নিউজ ডেস্ক, ২৩ আগষ্টঃ দিল্লীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ বাক্কাৰৱালা অঞ্চলত সশস্ত্ৰ আক্ৰমণকাৰীৰ দ্বাৰা আক্ৰমণৰ পিছত দুজন লোক গুলীবিদ্ধ হোৱাৰ বিপৰীতে এজন গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
সোমবাৰে নিশা বাক্কাৰৱালাৰ জে জে কলনিৰ বি ব্লকত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।
এই ঘটনাত গুলীবিদ্ধ লোককেইজনক চিকিৎসালয়লৈ লৈ গৈছিল যদিও মৃত ঘোষণা কৰে। ইয়াৰে এজন বৰ্তমান চিকিৎসাধীন হৈ আছে। ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বৰ্তমান এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।