নিউজ ডেস্ক, ২৪ আগষ্টঃ গুৱাহাটী মহানগৰীত পুনৰ আন এক নতুন উদ্যান। গুৱাহাটীৰ হেঙেৰাবাৰীত মঙ্গলবাৰে মুকলি কৰা হৈছে এই নতুন উদ্যানখন। নতুন উদ্যানখনৰ নামাকৰণ কৰা হৈছে ‘অমৃত উদ্যান’ হিচাপে। এই উদ্যানখন ৬০ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত শীঘ্ৰেই আৰু তিনিখন উদ্যান নিৰ্মাণৰ কথাও ঘোষণা কৰে। ইয়াৰ মাজতে অহা ডিচেম্বৰ মাহত মাছখোৱা বটানিকেল উদ্যানখন মুকলি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য যে মুকলি কৰা অমৃত উদ্যানৰ পৰিকল্পনা ২০১৫ তেই আৰম্ভ হৈছিল।
Comments are closed, but trackbacks and pingbacks are open.