গুৱাহাটী, ২৪ আগষ্টঃ সৌৰশক্তি প্ৰকল্পৰ নামত বিগত ৬০ বছৰ ধৰি বসবাস কৰি থকা ৩৫০ টা পৰিয়ালক ধুবুৰী প্ৰশাসনে উচ্ছেদ কৰিব ওলোৱা কাৰ্যক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ এই সন্দৰ্ভত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম তৃণমূলৰ সভাপতি ৰিপুণ বৰাই কয় যে উপযুক্ত সংস্থাপন অবিহনে যিকোনো উচ্ছেদ অমানৱীয় ৷
ৰাজ্যত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সময়ে সময়ে উচ্ছেদৰ এক ঘৃণনীয় ৰাজনীতি অব্যাহত ৰাখিছে ৷ বৰাকত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ চলনাৰে দুলু চাহ বাগিচাত উচ্ছেদ চলোৱা হ’ল ৷ পিছত আৰ টি আই তথ্যত কেন্দ্ৰই স্পষ্ট কৰিছিল যে তাত কোনো বিমান বন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ নাই ৷ চাহ বাগিছাখনত উচ্ছেদ চলোৱা বহুদিন হ’ল কিন্ত আজিকোপতি উচ্ছেদিতক উপযুক্ত সংস্থাপন নিদিলে চৰকাৰে ৷ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৱৰ্তী টিলাপাৰাত ৩৫০ টা পৰিয়ালক ধুবুৰী প্ৰশাসনে অন্য ঠাইত উঠি যাবলৈ কোৱা কাৰ্যই পুনৰ এবাৰ বিজেপিৰ উচ্ছেদৰ ৰাজনীতি প্ৰমাণ কৰিছে ৷
উল্লেখ্য যে কোকৰাঝাৰ -ধুবুৰী জিলাৰ সীমান্তৱৰ্তী টিলাপাৰত ধুবুৰী জিলা প্ৰশাসনে সুদীৰ্ঘ ৬০ বছৰ ধৰি বাস কৰি অহা ৰাইজক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল অঞ্চলবাসী ৷ অঞ্চটোৰ পাঁচ শতাধিক ৰাজপথলৈ ওলাই আহি কোনো কাৰণতে মাটি এৰি নিদিও বুলি হুংকাৰ দিছিল ৷ এপিডিচিএলে উক্ত এলেকাৰ দুহেজাৰ বিঘা মাটি সামৰি এক বৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপন কৰাৰ যো–জা চলাইছে ৷
সেই অনুসৰি ধুবুৰী জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে তিনি দিনৰ ভিতৰত নিজৰ নিজৰ গৃহসমূহ ভাঙি সেই স্থানৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ জাৰি কৰিছিল ৷ ফলত চিনাপাৰা, টিলাপাৰা আৰু খুদিগাঁৱত বিগত প্ৰায় ৬০ বছৰ ধৰি বাস কৰা ৩৫০ টা পৰিয়াল গৃহহীন হোৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ এক প্ৰেছ বিজ্ঞপ্তিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উপযুক্ত সংস্থাপন অবিহনে এনে উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনোৱাৰ লগতে এই সমগ্ৰ বিষয়টোক লৈ ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলৰ মৌনতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে ৷