চিকিৎসাধীন হৈ বিশ্ব চেম্পিয়নশ্বিপ বক্সাৰ মেৰীকম

নিউজ ডেস্ক, ২৪ আগষ্টঃ ৬ বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা ভাৰতীয় বক্সাৰ মেৰী কম চিকিৎসাধীন। আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে মেৰী কমৰ।এই অস্ত্ৰোপচাৰ মুম্বাইৰ এখন চিকিৎসালয়ত সম্পন্ন হয়।

মেৰী কমৰ প্ৰশিক্ষক ছোটেলাল যাদৱে সংবাদ মাধ্যমক জনোৱা মতে, মেৰী কমৰ আঁঠুৰ আঘাত আছিল যাৰ বাবে মুম্বাইত অস্ত্ৰোপচাৰ কৰা হয়।

কমনৱেল্থ গেমছৰ ৪৮ কেজি ট্ৰায়েলৰ সময়ত আঘাত পাইছিল মেৰী কমে। সেই আঘাতত বিগত কেইবাদিনো ধৰি ভুগি আছে মেৰী কম।

BoxerDaily time axomIndiaInjuredMaryKomNorthEastSports