পৰ্ণগ্ৰাফী গোচৰৰ পৰা মুক্তি বিচাৰি আদালতৰ কাষ চাপিছে শিল্পাৰ স্বামী ৰাজ

ইতিমধ্যে পৰ্ণগ্ৰাফী গোচৰটোৰ সৈতে জড়িত হৈ শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা জেলত থাকিব লগা হৈছিল। এই গোচৰৰ পৰা তেওঁ এতিয়া সকাহ বিচাৰিছে। সেই আবেদন ইতিমধ্যে দণ্ডাধীশ আদালতত দাখিল কৰা হৈছে। জানিব পৰা মতে ২০ জুলাইত তেওঁৰ অধিবক্তা প্ৰশান্ত পেটেলে এই আৰ জি দিছিল।

যোৱা বছৰৰ জুলাই মাহত শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক পৰ্ণগ্ৰাফিক ছবি আৰু ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে HotShots এপৰ জৰিয়তে ৰাজ আৰু তেওঁৰ সহযোগীসকলে এই পৰ্ণগ্ৰাফী ব্যৱসায় চলাই আছে। ভাইৰেল হোৱা এপটোৰ স্ক্ৰীণশ্বটত ‘মিছিং কণ্ডম’, ‘গেট ডাৰ্টি’, ‘বিকিনি যোগাসন’ আদি কন্টেন্ট দেখা গৈছিল। ধুনীয়া ধুনীয়া মডেল সকলৰ লগত লাইভ কমিউনিকেচন কৰাৰ সুযোগ আছিল এপটোত। ৰাজ কুন্দ্ৰাই গ্ৰেপ্তাৰৰ দুমাহ পিছত যোৱা বছৰৰ ১৯ জুলাইত জামিন লাভ কৰিছিল।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত স্কোৱাৰফিট ইণ্ডিয়া ডট কম নামৰ এটা ৱেবচাইটৰ পৰা পোৱা তথ্য অনুসৰি ৰাজকুন্দ্ৰই ৩৮.৫ কোটি টকাৰ ৫টা ফ্লেট শিল্পাক অৰ্পণ কৰিছিল। খবৰ অনুসৰি শিল্পা শ্বেট্টীলৈ হস্তান্তৰ কৰা সম্পত্তিৰ মুঠ আয়তন ৫৯৯৬ বৰ্গফুট। এই তথ্য পোহৰলৈ অহাৰ পিছতে পুনৰ বিতৰ্কত লিপ্ত হয় শিল্পাৰ স্বামী। অভিযোগ অনুসৰি ৰাজে পৰ্ণ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা ধনেৰে সমগ্ৰ সম্পত্তিটো ক্ৰয় কৰিছিল। ইয়াৰ পিছতে ৰাজকুন্দ্ৰই ইডিৰ দৃষ্টি আকৰ্ষণ কৰে। যদিও তেওঁ বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল। আৰু এইবাৰ শিল্পাৰ স্বামীয়ে এই গোচৰৰ পৰা সকাহ বিচাৰিছে।

bollywoodDaily time axomIndiaWorld
Comments (0)
Add Comment