২১৫ কোটি টকা ধন দাবীৰ গোচৰত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত থকাৰ বাবে ইডিয়ে জেকলিন ফাৰ্নাণ্ডেজক মাতিছে। ফিক্সড ডিপজিটকে ধৰি তেওঁৰ সকলো সম্পত্তি জব্দ কৰা হয়। বিদেশ ভ্ৰমণৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। যদিও অভিনেত্ৰীগৰাকীৰ অধিবক্তা প্ৰশান্ত পাটিলে ইতিমধ্যে জেকলিনক ষড়যন্ত্ৰৰ বলি বুলি দাবী কৰিছে।
তাৰ পিছত জেকলিনেও মুখ মেলিছে। ইডিকে জোৰ দি কয় যে তেওঁ সুকেশৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বে তেওঁ নিজৰ আয়ৰ পৰা বিনিয়োগ কৰিছিল। ফিক্সড ডিপজিটত ৭.২ কোটি টকা তেওঁৰ নিজৰ সম্পত্তি। অভিনেত্ৰীগৰাকীয়ে কয়, “যেতিয়া সুকেশৰ অস্তিত্ব নাছিল, তেতিয়াৰ পৰা এই সম্পত্তি মোৰ।”
জেকলিনে লগতে কয় যে তেওঁৰ গোচৰৰ আটাইতকৈ ডাঙৰ অভিযোগটো হ’ল তেওঁ সুকেশৰ পৰা এটা দামী উপহাৰ লাভ কৰিছিল। যোৱা বছৰ দাখিল কৰা ইডিৰ চাৰ্জ শ্বীট অনুসৰি জেকলিনে নিশ্চিত কৰিছিল যে সুকেশে তেওঁক বিলাসী ব্ৰেণ্ডৰ তিনিটা ডিজাইনাৰ বেগ উপহাৰ দিছিল। ইয়াৰ বাহিৰেও চুকেশে জেকলিনক দুযোৰ সাজ-পোছাক, এযোৰ ‘লুইছ ভিটন’ জোতা, দুযোৰ হীৰাৰ কাণফুলি, ৰঙীন শিলযুক্ত ব্ৰেচলেট আৰু জিমলৈ পিন্ধিবলৈ দুটা ‘হাৰমছ’ ব্ৰেচলেট দিছিল। ইয়াৰ উপৰিও জেকলিনে এখন মিনি কুপাৰ গাড়ীও পাইছিল, যিখন গাড়ী ঘূৰাই দিছিল।

ফাণ্ড আত্মসাৎ গোচৰত জেললৈ যোৱাৰ পিছতো জেকলিনৰ সৈতে যোগাযোগ আছিল সুকেশৰ। সুকেশে জেলৰ ভিতৰৰ পৰা জেকলিনক মেছেজ কৰিছিল। কেৱল সেয়াই নহয়, তেওঁলোকৰ গভীৰ সম্পৰ্ক পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ লক্ষ্য হৈ পৰিছিল জেকলিন।
জেকলিনৰ অধিবক্তাই কয়, ‘অভিনেত্ৰীগৰাকীয়ে তদন্তকাৰী সংস্থাসমূহৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। এতিয়ালৈকে সকলো চমনত তেওঁ হাজিৰ হৈছে। তেওঁ নিজৰ সামৰ্থ্য অনুসৰি ইডিক সকলো তথ্য দিলে।” প্ৰশান্তৰ মতে, জেকলিনক প্ৰতাৰণা কৰা হৈছে। তেওঁ কয় যে তদন্তকাৰী দলসমূহে বুজি নাপায় যে জেকলিন এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে।
সুকেশ আৰু তেওঁৰ পত্নী লীনা পলে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰাক্তন মালিক শিবেন্দ্ৰ সিং আৰু মালৱেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। সেই গোচৰত দম্পতীহালক গ্ৰেপ্তাৰ কৰা হৈছিল।