Daily Time Axom

নাতিনী-আইতাক দুয়োকে ধৰ্ষণ,নাতিনীক হত্যা

0 17

মুম্বাইৰ পৰা মধ্যপ্ৰদেশৰ জবলপুৰত থকা ককাকৰ ঘৰ চাবলৈ গৈছিল ষোল্ল বছৰীয়া কিশোৰীগৰাকী। অভিযোগ অনুসৰি ৫ দিন ধৰি মাৰপিট কৰি ধৰ্ষণ কৰিছিল দুই পাষণ্ড দাদাকে। যেতিয়া বিষয়টো ছোৱালীজনীৰ আইতাকৰ দৃষ্টিগোচৰ হ’ল, তেতিয়া ৰোধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু আইতাককো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ছোৱালীজনীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছদিনা ছোৱালীজনীৰ মৃত্যু হয়। কেৱল সেয়াই নহয়, ককাক আৰু তেওঁৰ দুই পুত্ৰই ছোৱালীজনীৰ মৃতদেহ কোনেও গম নোপোৱাকৈ জবলপুৰত পুতি থোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ১১ আগষ্টত ছোৱালীজনী জবলপুৰৰ ককাকৰ ঘৰ চাবলৈ আহিছিল। মুম্বাইত দেউতাকৰ লগত থাকিছিল ছোৱালীজনী। ১৩ আগষ্টৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। সেইদিনা দুজন ককায়েকে মাৰপিট কৰিছিল। ইয়াৰ পিছত পাঁচ দিন ধৰি ধৰ্ষণ কৰে। ছোৱালীজনীৰ অৱস্থা বেয়া হোৱাত ১৯ আগষ্টত ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ২০ আগষ্টত ছোৱালীজনীৰ মৃত্যু হয়।
ছোৱালীজনীৰ পিতৃয়ে আৰক্ষীক জনোৱা মতে, ছোৱালীজনীৰ মৃত্যুৰ খবৰটো মাতৃৰ পৰা পাইছিল। কেৱল সেয়াই নহয়, মাকে ক’লে যে ভতিজা দুজনে ছোৱালীজনীক ধৰ্ষণো কৰিছে। খবৰটো পাই তেওঁ আহিছিল জবলপুৰলৈ। ভতিজা আৰু ভাতৃৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
ছোৱালীজনীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন অভিযুক্তক। পলাতক হৈ আছে আন এজন ব্যক্তি। জবলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰে জনোৱা মতে, যোৱা ২৩ আগষ্টত ছোৱালীজনীৰ মৃতদেহ সমাধিৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ছোৱালীজনীৰ আইতাকৰ মেডিকেল টেষ্ট কৰা হৈছে। ধৰ্ষণৰ বিষয়টোও ধৰা পৰিছে।

Leave A Reply

Your email address will not be published.