Daily Time Axom

স্বাধীনতা দিৱসৰ দিনা ৰক্তাক্ত ইউক্ৰেইন, ৰে’লৱে ষ্টেচনত “ৰাছিয়াৰ” ৰকেট আক্ৰমণত কমেও ২২ জন নিহত

0 10


স্বাধীনতা দিৱসত ৰক্তাক্ত ইউক্ৰেইন। বুধবাৰে দেশখনৰ পূব প্ৰান্তৰ এটা ৰে’লৱে ষ্টেচনত ৰাছিয়াৰ ৰকেট আক্ৰমণত কমেও ২২ জন লোকে প্ৰাণ হেৰুৱাইছে। বহু আহত। এই অভিযোগ কিয়েভৰ। আহত বহু লোকৰ অৱস্থা সংকটজনক হৈ পৰাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনোৱা মতে, ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা ৰকেটে পূব ইউক্ৰেইনৰ চেপলিন চহৰৰ ৰে’লৱে ষ্টেচনত ৰৈ থকা এখন যাত্ৰীবাহী ৰে’লত খুন্দা মাৰে। এই ভয়াবহ আক্ৰমণক গৰিহণা দি তেওঁ কয় যে আক্ৰমণৰ পিছতে উদ্ধাৰকাৰী দলটোৱে ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছিল। যদিও মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।” কিয়েভে লগতে কয় যে ইউক্ৰেইনৰ সৰু চহৰ চেপলিনত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত এখন গাড়ীত জুই লাগি গাড়ীখনত থকা পাঁচজন লোকৰ মৃত্যু হয়।


ইফালে, জেলেনস্কিৰ অভিযোগ সন্দৰ্ভত ৰাছিয়াই এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে মস্কোৱে পূৰ্বেও ইউক্ৰেইনৰ অসামৰিক অঞ্চলত আক্ৰমণ কৰাৰ অভিযোগ নাকচ কৰিছিল। যোৱা এপ্ৰিল মাহত ইউক্ৰেইনৰ আন এটা ৰে’ল ষ্টেচনত ক্ষেপণাস্ত্ৰৰ আক্ৰমণত কমেও ৫০ জন যাত্ৰী নিহত হৈছিল। ৰাছিয়াই এই আক্ৰমণত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

কালি বুধবাৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত স্বাধীনতাৰ ৩১ বছৰ পাৰ হ’ল। তাৰ কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে দেশবাসীক সাৱধান হ’বলৈ কয়। স্বাধীনতা দিৱস উদযাপনৰ সময়ত ৰাছিয়াই মাৰাত্মক আক্ৰমণ চলাব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে। দেশক সম্বোধন কৰি জেলেনস্কিয়ে কয় যে এই সপ্তাহত ৰাছিয়াই অতি বেয়া কাম কৰিব পাৰে। আমাৰ গণতন্ত্ৰক ভেঙুচালি কৰিবলৈ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। সাধাৰণ জনতাৰ মাজত ভয় জগাই তুলিবলৈ ৰাছিয়াই আক্ৰমণ কৰিব।” অৱশেষত সেই ভয়টোৱেই সঁচা হ’ল।

Leave A Reply

Your email address will not be published.