নিউজ ডেস্ক, ২৫ আগষ্টঃ আলফা স্বাধীনে অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমক অমৰ মৃতক হিচাপে ঘোষণা কৰিছে।আজি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দিছে।
ৰূপম অসমৰ স্বাক্ষৰিত বিবৃতিটো উল্লেখ কৰা অনুসৰি যোৱা ১৫ আগষ্টত আলফা স্বাধীন আৰু এনএচচিএনে (জিপিআৰএন) পুৱতি নিশা ৩ঃ০০ বজাত যৌথ ভাবে চলোৱা এক সামৰিক অভিযানত সেনাবাহিনীৰ হাতত অচিন্ত মৰাণ ওৰফে ইয়াংখু অসম গুলিবিদ্ধ হৈছিল।

চিকিৎসাধীন অৱস্থাতে আজি পুৱা ৫:২৫ বজাত মৃত্যু হয়।আলফা স্বাধীনে প্ৰেৰণ কৰা এই প্ৰেছ বিবৃতি পিছতে অচিন্ত মৰাণ ওৰফে ইয়াংখুৰ ধলা হাঁহখাতি নেপালী গাঁৱৰ বাসগৃহত এক শোকাকুল পৰিবেশৰ সূচনা হয়।অ চিন্ত মৰাণে ২০১৬চনৰ ১বহাগত আলফা স্বাধীনত যোগদান কৰিছিল ।
অচিন্তৰ মৃতদেহ বিচাৰি পৰেশ বৰুৱালৈ কাতৰ আহ্বান পৰিয়ালবৰ্গৰ। আলফা স্বাধীনত যোগদান কৰাৰ আগত চেন্নাইত কৰ্মৰত আছিল অচিন্ত।
Comments are closed, but trackbacks and pingbacks are open.